20 C
Guwahati
Tuesday, April 13, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    চৰকাৰক সকীয়নি আলফা(স্বাঃ)ৰ, কুইপ্প’ৰ ২ কৰ্মচাৰীৰে অনাকাংক্ষিত ঘটনা ঘটিলে অসম-অৰুণাচলৰ মুখ্যমন্ত্ৰী দায়ী হ’ব…

    চৰকাৰক সকীয়নি আলফা(স্বাঃ)ৰ, কুইপ্প’ৰ ২ কৰ্মচাৰীৰে অনাকাংক্ষিত ঘটনা ঘটিলে অসম-অৰুণাচলৰ মুখ্যমন্ত্ৰী দায়ী হ’ব : কুইপ্প’ৰ দুয়োগৰাকী বিষয়াৰ সৈতে কোনো অনাকাংক্ষিত ঘটনা সংঘটিত হ’লে তাৰ বাবে দায়ী হ’ব অসম আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰী। আলফাই (স্বাঃ) অপহৰণ কৰি ৰখা দুগৰাকী কুইপ্প’ৰ বিষয়াৰ মুক্তিপণ বিচাৰিছিল যদিও এইক্ষেত্ৰত অইল কৰ্তৃপক্ষ অথবা চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত স্বাভাৱিকতে ক্ষোভিত হৈ পৰিছে সংগঠনটো। ইউনিফাইড কমাণ্ডক অভিযানৰ অনুমতি দিয়া বুলি খবৰ লাভ কৰাৰ পিছতে চৰকাৰক কঠোৰ সকীয়নি দিছে আলফাই (স্বাঃ)।

    ২১ডিচেম্বৰত আলফা(স্বাঃ) ই অপহৰণ কৰা প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰ বৰ্তমানেও সংগঠনটোৰ জিম্মাতে আছে। তেওঁলোকক মুকলি কৰি অনাৰ বাবে কোনো ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰা নাই। ইতিপূৰ্বে মুক্তিপণ নাপালে ৰাম কুমাৰৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ সকীয়নি দিছিল আলফা (স্বাঃ)ই। কিন্তু বৰ্তমান দুয়োগৰাকী পণবন্দীৰ জীৱনলৈকে আহিছে ভাবুকি।

    ১৬ ফেব্ৰুৱাৰীত অন্তিম সময়সীমা দি চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আলফাই (স্বাঃ) চৰকাৰক দাবী জনাইছিল। ইফালে ইতিমধ্যে দুয়োগৰাকী অপহৃতৰ ভিডিঅ’ মুকলি কৰি আলফাই (স্বাঃ) তেওঁলোকৰ মুখেৰেই মুক্তিৰ দাবী কৰিছিল। বৰ্তমান সংগঠনটোৱে প্ৰকাশ কৰা অনুসৰি, অসম আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সামৰিক অভিযান আৰম্ভ হৈছে। যদিহে এনে পৰিস্থিতি হয় তেতিয়া সংঘটিত হোৱা অনাকাংক্ষিত যিকোনো ঘটনাৰ বাবে দায়ী হ’ব চৰকাৰ।

    ”আগন্তুক দিনত Unified Command-ৰ দ্বাৰা পৰিচালিত ভাৰতীয় দখলদাবী বাহিনীয়ে অভিযান চলাই থকা সময়চোৱাত যিকোনো মুহূৰ্তত দুয়োজন কুইপ্প’ কৰ্মচাৰীয়ে অনাকাংক্ষিত ঘটনাত পতিত হোৱাতো নিশ্চিত। যদি তেনে হয়, ইয়াৰ পৰৱৰ্তী সম্পূৰ্ণ দায়-দায়িত্ব অসম আৰু অৰুণাচলৰ সন্মানীয় মুখ্যমন্ত্ৰীদ্বয় আৰু ভাৰতীয় দখলদাৰী বাহিনীয়ে বহন কৰিব লাগিব।” আলফাই (স্বাঃ) প্ৰেৰণ কৰা বিবৃত্তিত এনেদৰে লিখিছে।

    ইতিপূৰ্বে আলফাই (স্বাঃ) প্ৰকাশ কৰা ৩৮ ছেকেণ্ডৰ ভিডিঅ’ বাৰ্তাত অপহৃত বিষয়া প্ৰণৱ কুমাৰ গগৈয়ে কৈছিল, ”মই শ্ৰী প্ৰণৱ কুমাৰ গগৈ কুইপ্প’ অইল এণ্ড গেছ কোম্পানীৰ এগৰাকী খনন বিষয়া। কোম্পানীৰ লগত হোৱা সংঘাটৰ বাবে আলফা (স্বাঃ) আৰু এনএছচিএনে আবদ্ধ কৰি ৰাখিছে। আজি এমাহ হৈ যোৱাৰ পিছতো কোম্পানীয়ে মোক মুক্তিৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। সেয়ে কোম্পানীক মই সংগঠনৰ লগত কথা পাতি মোক সোনকালে মুকলি কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছো। লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো অনুৰোধ জনাইছো। এজন অসমীয়া হিচাপে মোৰ জীৱন ৰক্ষা কৰিবলৈ আপুনি কোম্পানীক যেন বাধ্য কৰে।”

    আনহাতে ৩৭ ছেকেণ্ডৰ এটা ভিডিঅ’যোগে ৰাম কুমাৰ নামৰ কৰ্মচাৰীগৰাকীয়ে প্ৰকাশ কৰিছিল, ”মই ৰাম কুমাৰ। বিহাৰৰ বাসিন্দা। মই কুইপ্প’ অইল এণ্ড গেছ কোম্পানীৰ এগৰাকী কৰ্মচাৰী। কোম্পানীৰ লগত হোৱা সংঘাটৰ বাবে আলফা (স্বাঃ) আৰু এনএছচিএনে মোক বন্দী কৰি ৰাখিছে। সেয়েহে মই মুখ্যমন্ত্ৰী নীতিশ কুমাৰক অনুৰোধ কৰিছো অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে কথা পাতি মোক মুক্তিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰক।”

    আৰু পঢ়ক : ‘অহা ২০ বছৰলৈ মোৰ প্ৰশ্ন উত্তৰ পাই থাকিবঃ’ হিমন্ত বিশ্ব শৰ্মাক মুকলি প্ৰত্যাহ্বান গৌৰৱ গগৈৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং