34 C
Guwahati
Friday, September 30, 2022
More

    ৪৫ কেজি এজনৰ এখন ভৰিৰে সৈতে সেই বিখ্যাত মডেলগৰাকীৰ কাহিনী…

    ৪৫ কেজি এজনৰ এখন ভৰিৰে সৈতে সেই বিখ্যাত মডেলগৰাকীৰ কাহিনী…

    ‘মই ভিতৰৰ পৰাও ধুনিয়া আৰু বাহিৰৰ পৰাও ধুনীয়া’: নিজৰ ক্ষেত্ৰত এই মনোভাৱ ৰখা এগৰাকী বিখ্যাত মডেল। যি একেআশাৰেই ধুনিয়া। পাছে সেই মডেলগৰাকীৰ আছে কিছু গভীৰ স্বাস্থ্যৰ সমস্যা।

    যি সমস্যাৰ বাবে মডেলগৰাকীৰ অকলেই এখন ভৰিৰ ওজন ৪৫ কেজি। লিম্ফেডেমা (lymphedema) ৰোগৰ সৈতে জন্ম গ্ৰহণ কৰা উচ্চাকাংক্ষী মডেল মাহ’গেনী গেটাৰে (Mahogany Geter) সদায়ে শৰীৰৰ ক্ষেত্ৰত এক ইতিবাচক চিন্তাধাৰা ৰাখে।

    যাৰ বাবে সমগ্ৰ বিশ্বতে বিখ্যাত পৰে মাহ’গেনী । মাহ’গেনীয়ে নিজৰ শৰীৰ দেখাত দিয়েই নহওক ইয়াক নিজেও সুন্দৰ দেখাৰ লগতে অন্যকো সুন্দৰ দেখিবলৈ বাধ্য কৰোৱাৰ দৰে। যাৰ বাবেই আজিৰ দিনত মাহ’গেনী এগৰাকী নিসন্দেহে সুন্দৰী যুৱতী।

    এই ক্ষেত্ৰত মাহ’গেনীয়ে নেলচন মেণ্ডেলাৰ এষাৰী কথাক সদায়ে মন মগজুত ৰাখি আগবাঢ়ে,”মই শিকিছিলো যে সাহস ভয়ৰ অনুপস্থিতি নহয়, ইয়াক জয়হে কৰিব লাগে। সাহসী ব্যক্তিজন সেইজন নহয় যিয়ে ভয় অনুভৱ নকৰে, সেইজনহে যিয়ে সেই ভয়ক জয় কৰে।

    জন্মৰ পৰাই মাহ’গেনী অন্য শিশুৰ দৰে নাছিল। জন্মৰ পৰাই এক বিৰল ৰোগে শৰীৰত খোপনি পুতি ধৰিছিল। যি ৰোগৰ বাবেই মডেল মাহ’গেনীৰ বাঁও ভৰি লগাতকৈ বহুত ফুলি যায়। মাহ’গেনীৰ ফটো বোৰেতই ধৰিব পাৰি ই কিমান ডাঙৰ।

    পাছে বৰ্তমানলৈ এই ধৰাৰ বুকুত এই বিৰল ৰোগৰ কোনো চিকিৎসাৰ উদ্ভাৱন হোৱা নাই। চিকিৎসকৰ দলে নিয়মিত ভাৱে এই ৰোগৰ চিকিৎসাৰ বাবে কাম কৰি আছি, কিন্তু আজকোপতি ইয়াৰ ক্ষেত্ৰত সফল হব পৰা নাই।

    কেৱল ইয়াক ব্যায়াম, ফিজিঅথেৰাপীৰ দ্বাৰাহে কিছু নিয়ন্ত্ৰণত ৰাখিব পৰা যায়। এই ৰোগ বিধৰ বাবেই শিশু কালৰে পৰা বহু সমস্যাৰ সন্মুখিন হৈ আহিছে মাহ’গেনী। কিন্তু মনোবল কোনোদিনে হেৰুৱাই দিয়া নাই। যাৰ বাবেই আজিৰ দিনত বিশ্বৰ ভিতৰতে এক জনপ্ৰিয় মডেল মাহ’গেনী গেটাৰ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং