অসম আন্দোলনৰ নেতা শশধৰ কাকতীৰ মৃত্যুত শোকস্তব্ধ ৰাজ্যবাসী

১৯৮৫ চনত লখিমপুৰত অনুষ্ঠিত হোৱা সদৌ অসম ছাত্ৰ সন্থাৰ অধিৱেশনত প্ৰফুল্ল কুমাৰ মহন্ত আৰু ভৃগু কুমাৰ ফুকনে ছাত্ৰসন্থাৰ মজিয়া ত্যাগ কৰাৰ পিচতে শশধৰ কাকতীয়ে আছুৰ সাধাৰণ সম্পাদক পদত অধিষ্ঠিত হৈছিল

0
80

সদৌ অসম ছাত্ৰ সন্থাৰ প্রাক্তন সাধাৰণ সম্পাদক, অসম আন্দোলনৰ আগশাৰীৰ নেতা বৰপেটাৰ বিশিষ্ট নাগৰিক, সমাজসেৱক শশধৰ কাকতী আৰু নাই। দীর্ঘদিন ধৰি অসুস্থ হৈ থকা কাকতীয়ে বুধবাৰে নিশা বৰপেটা মেডিকেল হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে। প্ৰায় এপষেক পূৰ্বে গুৱাহাটীৰ এপ’লো হস্পিতালত ভৰ্তি কৰা হৈছিল কাকতীক৷ চিকিৎসকৰ নেৰানেপেৰা প্ৰচেষ্টাৰ পিচতাে স্বাস্থ্যৰ কোনো উন্নতি নঘটাত বুধবাৰে নিশা গুৱাহাটীৰ পৰা বৰপেটা মেডিকেল কলেজ হস্পিতাললৈ স্থানান্তৰ কৰা হৈছিল৷

অৱশেষত বুধবাৰে নিশাই চিকিৎসাধীন অৱস্থাতে বৰপেটা মেডিকেল কলেজ হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে ছাত্রনেতাগৰাকীয়ে। মৃত্যুৰ সময়ত প্ৰাক্তন ছাত্ৰনেতাগৰাকীৰ বয়স হৈছিল ৬৩ বছৰ৷ ঐতিহাসিক অসম চুক্তি স্বাক্ষৰিত হােৱাৰ পিচতে ১৯৮৫ চনত লখিমপুৰত অনুষ্ঠিত হোৱা সদৌ অসম ছাত্ৰ সন্থাৰ অধিৱেশনত প্ৰফুল্ল কুমাৰ মহন্ত আৰু ভৃগু কুমাৰ ফুকনে ছাত্ৰসন্থাৰ মজিয়া ত্যাগ কৰাৰ পিচতে শশধৰ কাকতীয়ে আছুৰ সাধাৰণ সম্পাদক পদত অধিষ্ঠিত হৈছিল। সেই অধিৱেশনত ছাত্র সংগঠনটোৰ সভাপতি হিচাপে নির্বাচিত হৈছিল কার্তিক হাজৰিকা ।

ছাত্ৰ সন্থাৰ দৰে জাতীয় সংগঠনৰ সাধাৰণ সম্পাদকৰ গুৰু দায়িত্ব লৈ কাকতীয়ে অসমৰ জাতীয় জীৱনৰ গুৰুত্বপূৰ্ণ সমস্যা সমাধানৰ বাবে নিৰৱচ্ছিন্নভাৱে সংগ্রাম চলাই যোৱাৰ লগতে বৰপেটাৰ প্ৰায়বোৰ সামাজিক সাংস্কৃতিক সংগঠনৰ সৈতে জড়িত থাকি বৰপেটাৰ সমাজ জীৱনক নেতৃত্ব প্ৰদান কৰিছিল৷ তেখেতৰ মৃত্যুত ৰাজ্যৰ লগতে বৰপেটা জিলাত গভীৰ শােকৰ ছাঁ পৰিছে। তেখেতৰ মৃত্যুত বৰপেটাৰ বিধায়ক গুনীন্দ্ৰ নাথ দাস, বৰপেটা জিলা ছাত্ৰ সন্থা, অগুৰ বৰপেটা জিলা সমিতিৰ লগতে বহু দল সংগঠনে শোকপ্ৰকাশ কৰিছে৷ ছাত্ৰ নেতাগৰাকীয়ে মৃত্যুৰ সময়ত পত্নী আৰু পুত্র ৰাজকেশৰ কাকতীৰ লগতে বহু আত্মীয়-স্বজনক এৰি থৈ গৈছে।

Photo: Time8