24.2 C
Guwahati
Saturday, September 18, 2021
More

    ”আৰক্ষীক গুলি খাব দিব নোৱাৰি বুলি কৈছিল হিমন্তই, আজি সীমান্তত গুলি খালে আৰক্ষীয়ে” মুখ্যমন্ত্ৰীৰ গুৰুত্ব ক’ত?

    ”আৰক্ষীক গুলি খাব দিব নোৱাৰি বুলি কৈছিল হিমন্তই, আজি সীমান্তত গুলি খালে আৰক্ষীয়ে” মুখ্যমন্ত্ৰীৰ গুৰুত্ব ক’ত? – উত্তপ্ত হৈ পৰিছে অসম-মিজোৰাম সীমান্ত। মিজো দুৰ্বৃত্তৰ গুলিত ইতিমধ্যে আহত হৈছে বহু অসম আৰক্ষী জোৱান আৰু স্থানীয় লোক। মিজো আৰক্ষীৰ গুলিত আহত হয় কাছাৰৰ আৰক্ষী অধীক্ষকো।

    এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে অসম জাতীয় পৰিষদে। এক প্ৰেছ বিবৃতিৰ জৰিয়তে দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে ”কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে অসম ভ্ৰমণ কৰি যোৱাৰ পিছদিনাই তথা অমিত শ্বাহৰ উপস্থিতিত উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰীসকলৰ মাজত সীমা সমস্যাক লৈ বৈঠক অনুষ্ঠিত হৈ যোৱাৰ পিছতে এই ঘটনা সংঘটিত হোৱাটো তাৎপৰ্যপূৰ্ণ”৷

    ”কিয়নো অসম আৰু মিজোৰাম দুয়োখন ৰাজ্যত এন ডি এৰ চৰকাৰ চলি আছে৷ মিজোৰামৰ শাসনাধিষ্ঠিত মিজো নেচনেল ফ্ৰন্ট অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন নৰ্থ-ইষ্ট ডেম’ক্ৰেটিক এলায়েন্স (নেডা)ৰ অংশীদাৰ৷ সেয়ে একে মিত্ৰজোঁটৰ চৰকাৰ থকা দুখন ৰাজ্যৰ চৰকাৰে বিষয়টো নিস্পত্তি কৰিব নোৱাৰাটো দুৰ্ভাগ্যজনক”৷

    ইয়াৰ পিছতেই জাতীয় পৰিষদে কয় যে ”সৌ সিদিনা অসমৰ মুখ্যমন্ত্ৰীয়ে এনকাউন্টাৰক বৈধতা দিবলৈ গৈ কৈছিল যে অসম আৰক্ষীক গুলি খাবলৈ এৰি দিব নোৱাৰি৷ কিন্তু আজি মিজোৰাম সীমান্তত চুবুৰীয়া ৰাজ্যৰ দুৰ্বৃত্তৰ গুলি খাই অসম আৰক্ষীৰ লোক আহত হ’বলগীয়া হয়৷ এই বিষয়টোক সমানে গুৰুত্ব দিবনে বুলি অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতি প্ৰশ্ন জাতীয় পৰিষদৰ”।

    আনহাতে সীমা সমস্যাৰ বিষয়টোত মুখ্যমন্ত্ৰীয়ে নিজে হস্তক্ষেপ কৰা আৰু তৎকালীনভাৱে সমাধান কৰাৰ লগতে সীমান্তৱৰ্তী লোকসকলক নিৰাপত্তা প্ৰদান কৰিবলৈ আহ্বান জনাই জাতীয় পৰিষদে। লগতে আজিৰ ঘটনাত আহতসকলক উপযুক্ত ক্ষতিপূৰণ দিবলৈ জাতীয় পৰিষদে দাবী জনায়৷

    আৰু পঢ়ক : আগবাঢ়ি আহিছে মিজো আৰক্ষী, ভয়তে পলাল অসম আৰক্ষী, মিজোৰ গুলিত আহত আৰক্ষী, স্থানীয় লোক

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং