27 C
Guwahati
Thursday, June 24, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    উজনিতো সক্ৰিয় প্ৰদেশ কংগ্ৰেছঃ জিতেন্দ্ৰ সিং-ৰিপুণ বৰাৰ উপস্থিতিত আৰম্ভ ”অসম বচাও আহক” অভিযান…

    উজনিতো সক্ৰিয় প্ৰদেশ কংগ্ৰেছঃ জিতেন্দ্ৰ সিং -ৰিপুণ বৰাৰ উপস্থিতিত আৰম্ভ ”অসম বচাও আহক” অভিযান : আগন্তুক ২০২১ৰ অসম বিধানসভা নিৰ্বাচনত পুনৰ দিছপুৰ দখল কৰাৰ বাবে এক বিশাল জনজাগৰণ কাৰ্য্যসূচীৰ অংশ হিচাবে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে আৰম্ভ কৰিছে “অসম বচাও আহক” শীৰ্ষক এক বিশেষ অভিযান।

    উজনিতো সক্ৰিয় প্ৰদেশ কংগ্ৰেছঃ জিতেন্দ্ৰ সিং-ৰিপুণ বৰাৰ উপস্থিতিত আৰম্ভ ''অসম বচাও আহক'' অভিযান

    শুকুৰবাৰে শিৱসাগৰ নগৰৰ ঐতিহাসিক বৰপুখুৰী পাৰত অৱস্থিত শ্বহীদ পিয়লি ফুকন উদ্যানৰ পৰা “অসম বচাও আহক” শীৰ্ষক বাছ যাত্ৰাৰ তৃতীয়তো কাৰ্যসূচীৰ আৰম্ভণি অনুষ্ঠানত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা প্ৰদেশ কংগ্ৰেছৰ প্ৰভাৰী ড° জিতেন্দ্ৰ সিং , সম্পাদক চাকিল আহমেদ, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়া, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱনসিং ঘাটোৱাৰসহ ৰাজ্যিক আৰু জিলা কংগ্ৰেছৰ শীৰ্ষ নেতাই অংশগ্ৰহণ কৰে।

    দেশৰ স্বাধীনতা আন্দোলনৰ অসমৰ প্ৰথম গৰাকী শ্বহীদ পিয়লি ফুকনৰ প্ৰতিমূৰ্ত্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি কংগ্ৰেছে শিৱসাগৰত আৰম্ভ কৰিলে ‘অসম বচাও আহক অভিযান’। কংগ্ৰেছ বিধায়িনী দলৰ নেতা তথা নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াই নেতৃত্ব দিব শিৱসাগৰৰ পৰা আৰম্ভ হোৱা এই অভিযানক।

    উজনিতো সক্ৰিয় প্ৰদেশ কংগ্ৰেছঃ জিতেন্দ্ৰ সিং-ৰিপুণ বৰাৰ উপস্থিতিত আৰম্ভ ''অসম বচাও আহক'' অভিযান

    এই অনুষ্ঠানত অংশ লৈ ”বিজেপিয়ে বৃটিছ আৰু বিদেশী শক্তিৰ লগত মিত্ৰতা কৰিছে” বুলি মন্তব্য কৰে ৰিপুণ বৰাই। আনহাতে জিতেন্দ্ৰ সিঙে বিজেপিক ব্ৰিটিছৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সৈতে তুলনা কৰি কয়, ”ইষ্ট ইণ্ডিয়া কোম্পানীয়ে যেনেদৰে ডিভাইড এণ্ড ৰুল নীতি অৱলম্বন কৰিছিল, বিজেপিয়েও ধৰ্মৰ নামত, জাতিৰ নামত, ধনী দুখীয়াৰ নামত ডিভাইড এণ্ড ৰুল নীতিৰে শাসন কৰিছে।”

    আৰু পঢ়ক : টকাসহ দুদিন ধৰি সন্ধানহীন হৈ থকা বেংকৰ কৰ্মচাৰী কৃষ্ণ বৈশ্যৰ মৃতদেহ উদ্ধাৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং