31 C
Guwahati
Tuesday, September 27, 2022
More

    এছিয়া কাপৰ সূচী ঘোষণা; প্ৰতিযোগিতাৰ দ্বিতীয় দিনাই মুখামুখি হ’ব ভাৰত-পাকিস্তান

    মঙলবাৰে এছিয়ান ক্ৰিকেট কাউন্সিলে ঘোষণা কৰে এছিয়া কাপ ২০২২ৰ সূচী। ২৭ আগষ্টৰ পৰা আৰম্ভ হ’বলগীয়া এই প্ৰতিযোগিতাখনৰ চূড়ান্ত মেচখন অনুষ্ঠিত হ’ব ১১ ছেপ্টেম্বৰত।

    প্ৰতিযোগিতাখনত মুঠ ১৩ খন খেল অনুষ্ঠিত হ’ব। প্ৰতিখন মেচ ডুবাই আৰু ইউ এ ইৰ শ্বাৰজাহ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

    ২৮ আগষ্টত ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰতৰ প্ৰথমখন মেচ পাকিস্তানৰ বিৰুদ্ধে (ভাৰত বনাম পাকিস্তান)।

    মূল প্ৰতিযোগিতাখনত প্ৰায় ৬টা দল থাকিব। এই ছয়টাক তিনিটাকৈ দুটা গ্ৰুপত ভাগ কৰা হ’ব।

    ভাৰতক পাকিস্তানৰ সৈতে একেলগে গ্ৰুপ এত স্থান দিয়াৰ বিপৰীতে তৃতীয়টো দল নিৰ্ধাৰণ কৰা হ’ব কোৱালিফায়াৰ মেচৰ জৰিয়তে।

    উল্লেখ্য যে ছেমি ফাইনেলত প্ৰৱেশৰ বাবে আফগানিস্তান, বাংলাদেশ আৰু শ্ৰীলংকাৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ’ব।

    এইবাৰৰ এছিয়া কাপ টি-২০ ফৰ্মেটত অনুষ্ঠিত হ’ব।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং