ইণ্ডিয়ান অপেন : অসম কন্যা অস্মিতা চলিহাৰ হাতত পৰাস্ত ৰাছিয়াৰ এভজেনিয়া
ইণ্ডিয়ান অপেন ২০২২-ৰ প্ৰথম ৰাউণ্ডৰ মেচত ভাৰতৰ অস্মিতা চলিহাই চমকপ্ৰদ প্ৰদৰ্শনেৰে বিশ্বৰ ২৮ নম্বৰ খেলুৱৈ এভজেনিয়া কচ্ছেকায়াক পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে।
কে ডি যাদৱ ইণ্ডোৰ হলত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ প্ৰথম ৰাউণ্ডৰ মেচখনত ৰাছিয়াৰ প্ৰতিদ্বন্দ্বি খেলুৱৈগৰাকীক অসম কন্যা চলিহাই ২৪-২২, ২১-১৬ ছেটত পৰাস্ত কৰে।
উল্লেখ্য যে প্ৰথম ছেটত চলিহাই দুৰ্দান্ত প্ৰদৰ্শন কৰি ১১-৪ ৰ অগ্ৰগতি লাভ কৰিছিল যদিও পিছত ৰাছিয়ান শ্বাটলাৰগৰাকীয়ে উভতি ধৰাত প্ৰথম ছেটতো ৩১ মিনিটৰ অন্তত জয় লাভ কৰে।
অৱশ্যে দ্বিতীয় ছেটত চলিহাই ৰাছিয়াৰ প্ৰতিপক্ষৰ খেলুৱৈগৰাকীক বিশেষ কোনো সুযোগ প্ৰদান নকৰি ২১-১৬ পইণ্টেৰে দ্বিতীয় ছেটতো নিজৰ নাম কৰি তেওঁ মেচখন জয়ী হয়।
মেচখনৰ অন্তত চলিহাই কয়, ‘মই যোৱা কেইবছৰ মানত বহুত মেচ খেলা নাই। সেয়ে মই চাপত আছিলো আৰু সেইটোৱে মোক খেলৰ মাজভাগত প্ৰভাৱিত কৰিছিল’।
চলিহাই এতিয়া দ্বিতীয় ৰাউণ্ডত ফ্ৰান্সৰ য়ায়েল হোয়াক্সৰ মুখামুখি হ’ব যিয়ে ভাৰতৰ ৰিয়া মুখাৰ্জীক পৰাস্ত কৰিছিল।
আৰু পঢ়ক : লকডাউনৰ দিশে অগ্ৰসৰ ৰাজধানী, কৰ’ণাৰ ভয়াবহ দ্ৰুত সংক্ৰমণ