আশা পাৰেখলৈ ২০২২ বৰ্ষৰ দাদাচাহেব ফাল্কে বঁটা

0
59

আশা পাৰেখলৈ ২০২২ বৰ্ষৰ দাদাচাহেব ফাল্কে বঁটা। ভাৰতীয় চলচ্চিত্ৰ জগতৰ প্ৰবীণ অভিনেত্ৰী আশা পাৰেখলৈ ২০২২ বৰ্ষত দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হ’ব।

কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে অভিনেত্ৰীগৰাকীৰ জন্মদিনৰ কেইদিনমান পূৰ্বে এই কথা ঘোষণা কৰে।

অৱশ্যে আশা পাৰেখে বৰ্তমানে অভিনয়ৰ পৰা অব্যাহতি লৈছে। কিন্তু ৬০ আৰু ৭০ ৰ দশকত আশা পাৰেখৰ নাম সেই সময়ৰ শ্ৰেষ্ঠ অভিনেত্ৰীসকলৰ মাজত লোৱা হৈছিল।

সেই সময়ত আশা পাৰেখ, ভাৰতীয় চলচ্চিত্ৰৰ জগতত শীৰ্ষ অভিনেত্ৰীৰ শাসনত আৰোহন কৰিছিল।

সৰ্বাধিক উপাৰ্জন কৰা অভিনেত্ৰী আছিল আশা পাৰেখ। ১৯৯২ চনত চলচ্চিত্ৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী বঁটা প্ৰদান কৰে।