26 C
Guwahati
শনিবাৰ, ডিচেম্বৰ 4, 2021
More

    ভাৰতবৰ্ষৰ গণমাধ্যমত নাৰীৰ প্ৰতিনিধিত্ব

    ভাৰতবৰ্ষৰ গণমাধ্যমত নাৰীৰ প্ৰতিনিধিত্ব

    বনশ্ৰী বৈশ্য

    গণমাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে গণ্য কৰা হয় । বর্তমান সমাজৰ প্রতিটো ক্ষেত্রতে গণমাধ্যমে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে । গণমাধ্যমক সংবাদ-সম্বাদ বা তথ্য আহৰণৰ প্রথম আৰু প্ৰধান উৎস হিচাপে বিবেচিত কৰা হয়। জনমত গঠনৰ ক্ষেত্ৰতো মিডিয়া এক গুৰুত্বপূর্ণ অংগ ।

    মিডিয়াত প্ৰচাৰ হোৱা যিকোনো ছবি বা দৃশ্যৰ দ্বাৰা এটি সংস্কৃতি বা সম্প্ৰদায়ৰ সদস্যৰ মাজত তাৰ অৰ্থ বিনিময় আৰু অৰ্থ অংকিত হয় । এই ক্ষেত্ৰত মিডিয়াই সেই অৰ্থ কিভাবে বেকত কৰিব খুজিছে সেয়া অতি গম্ভীৰ বিষয় । প্রতিনিধিত্বই এটি সংস্কৃতিৰ বাবে অর্থ আৰু ভাষা সংযোজন কৰে । গণমাধ্যমত নাৰীৰ চিত্রায়ন গুৰুত্বপূর্ণ বিষয়। গণমাধ্যমে নাৰীক কেনেকৈ আৰু কিদৰে প্রতিনিধিত্ব কৰে সেয়া এক আলোচ্যৰ বিষয় ।

    দূৰদৰ্শনত (টিভি) নাৰীৰ প্রতিনিধিত্ব:

    দূৰদৰ্শন বিনোদন, শিক্ষা তথা তথ্য-সংবাদৰ মাধ্যম। যোৱা এটা দশকত দূৰদৰ্শনৰ ব্যাপক প্রভাব পৰা পৰিলক্ষিত হৈছে । ১৯৮০ দশকত ‘Udhaan’ ৰ দৰে চিনেমাবোৰে নাৰীৰ শক্তিশালী চৰিত্ৰ তুলি ধৰিছিল আৰু নাৰী সমাজক মুগ্ধ কৰিছিল । টেলিভিচন ধাৰাবাহিকৰ অধিকাংশই সম্পূর্ণৰূপে স্টেৰিওটাইপিক (গতানুগতিক) প্রকৃতিৰ, য’ত পুৰুষ সকল কৰ্মস্থান বা অফিচলৈ যোৱা দেখা যায় আৰু মহিলাসমূহ স্বীকাৰ-অস্বীকাৰৰ দোমোজাত ঘৰতে থাকে, যাৰ অর্থ এইটোৱে বুজায় যে তেওঁলোকৰ কোনো কৰণীয় কাম নাথাকে ।

    টেলিভিছনত কিছু বছৰ ধৰি মহিলাৰ বিভিন্ন সমস্যা সম্পর্কিত অনুষ্ঠানৰ আকস্মিক উত্থান ঘটিছে । এতিয়া প্রশ্ন হয় কিয়?…

    উত্তৰত মই এইধৰণে ক’ব বিচাৰিম যে শ্রোতা আৰু বাণিজ্যিক স্বার্থ হানি হোৱাৰ শংকাত টেলিভিছনত এনে কিছুমান অনুষ্ঠানৰ আকস্মিক খলকনি উঠিছে । দর্শকৰ বিস্তৃত ৰেঞ্জ ঢুকি পোৱাৰ হেতুকে, মহিলাৰ অনেক নাটকীয় বা অ-নাটকীয় অনুষ্ঠান টেলিভিচনত প্রদর্শিত হয়, যেনে, শৰীৰ সম্পৰ্কীয় অনুষ্ঠান, সৌন্দর্য, গৃহস্থালী সামগ্রী, পৰিয়াল বা পৰিয়াল কেন্দ্ৰিক অনুষ্ঠান ইত্যাদি । কিছুমান নাৰীকেন্দ্রিক কাহিনী অথবা ধাৰাবাহিকৰ উপস্থাপন, যিয়ে নাৰীক এটি অজ্ঞ অশিক্ষিত চৰিত্ৰত অংকন কৰে যে মহিলা সকল কেৱল মাত্ৰ গাৰ্হস্থ্য বা পৰিয়াল কেন্দ্ৰিক কথা-কামৰ লগতহে জড়িত থাকে, নাইবা মহিলা সকল “হোম-মেকাৰ” আৰু তেওঁলোক কেৱল মাত্ৰ এজনী আদৰ্শবান মাতৃ বা পত্নীহে হ’ব পাৰে । এনেকুৱা কাহিনী বা অনুষ্ঠানবোৰ খুবেই অবাস্তৱ তথা অতি নাটকীয় য’ত নাৰীক যথোপযুক্ত স্থিতি এটাত সম্পূৰ্ণৰূপে ৰূপায়ন কৰা নহয় ।

    বিজ্ঞাপন আৰু নাৰী:-

    বিজ্ঞাপন হ’ল টেলিভিছনৰ মৌলিক অংশ । বিজ্ঞাপনত কেমেৰাৰ সন্মুখত নাৰীক glamour doll হিচাপে প্ৰদৰ্শন কৰোৱা দেখা যায় । লাস্যময়ী নাৰীৰ শৰীৰ পুৰুষক আকৃষ্ট কৰাৰ অৰ্থেহে বিজ্ঞাপনত ব্যবহৃত হয় । গতিকে তাইৰ দেহটি এটি বিজ্ঞাপন হিচাপে সম্পাদন কৰে আৰু তাইৰ শৰীৰৰ ওপৰত পৰা পুৰুষৰ স্থিৰ দৃষ্টিয়ে বস্তুপদ অতি সহজে আৰু সোনকালেই বিক্রি হোৱাত সহায় কৰে । মহিলাক অশালীন পোছাক পৰিধান কৰোৱাই “glamour girl”, “sexy doll” হিচাপে ক’মোডিফাই কৰে আৰু Multi National Company বা কোনো ডাঙৰ কোম্পানীৰ বিজ্ঞাপনৰ স্বাৰ্থত ব্যৱহাৰ কৰে ।

    সাধাৰণতে বিভিন্ন খাদ্য সামগ্রী, পোছাক, মোবাইল ফোন, যানবাহন, অন্তৰ্বাস (inner garments) বা deodorant ইত্যাদি সামগ্ৰীৰ বাণিজ্যিকৰণৰ বাবে নাৰীক ব্যৱহাৰ কৰা হয় । আৰু ইয়াৰ পৰিৱৰ্তে পুৰুষক গাড়ী, বিজনেছ, চাকৰি, ল্যাপটপ কোম্পানি আৰু বিভিন্ন চাকৰিৰ ৱেবছাইটৰ ক্ষেত্ৰত দেখুওৱা হয়। পাকঘৰৰ সামগ্ৰী যেনে vim bar, sunflower oil, suriseৰ মচলা, মেগী ইত্যাদি সম্পর্কিত বিজ্ঞাপন মহিলাৰ দ্বাৰা কৰোৱা হয়; লগতে LIC, Bajaj alliance insurance ৰ বিজ্ঞাপন সমূহত মহিলাক এটি অকলশৰীয়া চৰিত্ৰত এইদৰে দেখুওৱা হয় যে স্বামীৰ মৃত্যুৰ পিছত এগৰাকী মহিলাক নিৰাপত্তা কেৱল ইঞ্চুৰেঞ্চ পলিচি এটাইহে দিব পাৰে । পুৰুষ অবিহনে মহিলা জনী স্বাৱলম্বী হ’ব নোৱাৰে আৰু নিজৰ প্ৰয়োজনীয় সুৰক্ষাৰ বাবে মহিলা জনীক ইঞ্চুৰেঞ্চৰ প্ৰয়োজন হয় ।

    চলচিত্ৰত নাৰী:-

    চলচ্চিত্রত মহিলা অভিনেতা প্ৰতি সময়তে কেন্দ্ৰবিন্দুত থকা দেখি আহিছো । চলচ্চিত্ৰত মহিলাক প্রায়েই এটা “অবজেক্ট” হিচাপে বিবেচনা কৰা হয়; যি প্রেমেৰে আৰম্ভ হয় আৰু বিবাহ বা পৰিবাৰত শেষ হয় ।

    এখন চলচ্চিত্রৰ সফলতা নির্ভৰ কৰে নাৰী চৰিত্ৰিয়ে দিব পৰা কামস্পৃহা (sensuality)ৰ পৰিমাণৰ ওপৰত । এনেকুৱা কিছুমান অনেক চিনেমা আছে যিবোৰ মাত্ৰ পুৰুষ সমাজক যৌন আনন্দ দিয়াৰ স্বাৰ্থতহে তৈয়াৰ কৰা হয় । আৰু কেৱল মাত্ৰ হাতৰ আঙুলিৰ মূৰত গণিব পৰাকৈহে কিছু সংখ্যক দৰ্শক আছে যিয়ে চিনেমাৰ প্রকৃত বিষয়বস্তু অথবা অর্থৰ সম্ভেদ কৰে । অবশিষ্ট বৃহত্তৰ সংখ্যক দৰ্শকে যৌন আনন্দ আৰু ফেণ্টাচিৰ দাবি কৰে ।

    উদাহৰণস্বৰূপে মানুহে ছানী লিয়নী অভিনীত চলচ্চিত্র চাবলৈ পছন্দ কৰে । ছানী লিয়নীৰ চিনেমা সেইকাৰণেই যুৱচামৰ মাজত অতি জনপ্রিয়। চিনেমাত প্ৰলোভন জনক বিশেষ কিছুমান “আইটেম ছং” দেখুওৱা হয়; য’ত আইটেম গাৰ্লক আট খোৱা সৰু পোছাক পৰিধান কৰিবলৈ বাধ্য কৰোৱা হয়, য’ত অভিনেত্ৰীগৰাকীৰ শৰীৰৰ অংগবোৰ অশোভনীয় ভাবে দেখুওৱা হয়; আৰু যিটো প্ৰত্যক্ষ ভাবে নাৰীৰ ওপৰত হোৱা নিপীড়নৰ সর্বোত্তম উদাহৰণ হিচাপে থিয় দিয়ে ।

    তাৰোপৰি এই আইটেম ছং (গান) সমূহৰ কথাবোৰো অসন্মানজনক, অশ্লীল আৰু অৰ্থহীন যেনে- Choli ke pichey kya hei, chese bade hey musth musth, pallu ke nichey chupake rakha hei ইত্যাদি ।

    ইয়াৰ উপৰিও ইতিবাচক দিশত চাবলৈ গ’লে, গুলাব গ্যাং (২০১৪), দংগল (২০১৬), ৱাটাৰ(২০০৫), মাদাৰ ইণ্ডিয়া (১৯৫৭) , কুইন (২০১৩), মেৰী কম (২০১৪) বা অসমীয়া ছবি ফিৰিঙতি (১৯৯২) আদি চিনেমাই মহিলা দর্শকক অনুপ্রাণিত কৰাৰ স্বাৰ্থত ব্যাপক অবদান আগবঢ়াইছে । আৰু এই ক্ষেত্ৰত ক’ব লাগিব যে চলচ্চিত্র শিল্পৰ এইটো এটা ইতিবাচক দিশ ।

    নাৰীৰ অশালীন প্রতিনিধিত্ব বন্ধ কৰাটো খুবেই আৱশ্যক । ইংৰাজী ১৯৮৬ চনত, The indecent Representation of Women Prohibition Act প্ৰণয়ন হৈছিল। এই আইনখনৰ মূল লক্ষ্য আছিল মিডিয়াত নাৰীৰ প্রতিনিধিত্বৰ সঠিক নিয়ন্ত্ৰণ কৰা । কোনো বিজ্ঞাপন, লিখনি , চিত্রকর্ম বা অন্য কোনো প্ল্যেটফর্মত নাৰীৰ অশালীন প্রতিনিধিত্ব নিষিদ্ধ কৰা । গণমাধ্যমত নাৰীৰ প্রতিনিধিত্ব ৰক্ষা, সম্প্রচাৰৰ নিয়ম আৰু কার্যকৰী ব্যবস্থা গ্রহণৰ সঠিক পদ্ধতি প্রদান কৰা মানব অধিকাৰৰ ভূমিকা । আৰু নাৰীৰ প্রতি সংঘটিত এই নিষ্পেষণৰ বিৰুদ্ধে মাত মতাতো আমাৰ সকলোৰে কর্তব্য ।

    National perspective plan for women (১৯৮৮-২০০০) ব্যাখ্যা কৰে যে মিডিয়াই নাৰীক কর্মী হিচাপে সম্পাদন কৰা উচিত কেৱল মাতৃ বা বোৱাৰীৰ দায়িত্ব পালন কৰিয়েই নহয় । বিজ্ঞাপনে মহিলাক যৌন প্রতীক হিচাপে প্রদর্শন কৰে গতিকে বিক্রীৰ প্রচাৰৰ বাবে মহিলাক ব্যৱহাৰ কৰাটো গুৰুত্বপূৰ্ণ ভাৱে নিবাৰণ কৰিব লাগে । সমতাৰ নামত কৰ্মৰ উপৰত ভিত্তি কৰি লিংগ বিভাজনৰ প্ৰচলন কৰাৰ কোনো যুক্তি নাই । নাৰীৰ গতানুগতিক বা ট্ৰেডিছনেল ষ্টেৰিতাইপিক অনুষ্ঠান বোৰ কিছু কমকৈ সপ্তাহত বা দিনটোত এবাৰ সম্প্ৰচাৰ কৰা উচিত । মহিলাৰ সমস্যা সম্বন্ধে সচেতনতা পুৰুষ আৰু মহিলা উভয়ে প্রয়োজন । গণমাধ্যম আৰু ইয়াৰ উদ্যোক্তা সকল এই ক্ষেত্ৰত কিছু নমনীয় তথা ফ্লেক্সিবেল হোৱা খুবেই দৰকাৰ।

    ( লেখিকা  বনশ্ৰী বৈশ্য তেজপুৰ বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক অধ্যায়ন বিভাগৰ ছাত্ৰী , প্ৰকাশিত প্ৰবন্ধত উল্লেখ কৰা মতামত লেখিকাৰ নিজস্ব আৰু সেই মতামতে TIME8ৰ বক্তব্য প্ৰতিফলিত নকৰিবও পাৰে। )

    আৰু পঢ়ক : লকডাউন আৰু অসমৰ শিক্ষা ব্যৱস্থাত ইয়াৰ প্ৰভাৱ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং