19 C
Guwahati
দেওবাৰ, ডিচেম্বৰ 5, 2021
More

    ‘আমাৰ জীৱন এক ঘূৰণীয়া বৃত্ত’- ভৱিষ্যত কি মানৱ সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ হোৱা লোকৰ…

    সেই ক'লা গহ্বৰত কষ্ট ঠিকেই, কিন্তু খাদ্য সময়ত পায়, পিন্ধিবলৈ দুখন কাপোৰ পায়, চালৰ পৰা পানী নপৰাকৈ থকা এক বাসস্থান পায়। কিন্তু....এই খিনিতো আহি পৰে এক ডাঙৰ 'কিন্তু' অথবা এক 'প্ৰশ্ন বোধক'।

    ‘আমাৰ জীৱন এক ঘূৰণীয়া বৃত্ত’- ভৱিষ্যত কি মানৱ সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ হোৱা লোকৰ…

    ‘আমাৰ ভৱিষ্যত কি? ক’ত থাকিম, কি কৰিম, কেনেকৈ চলিম। কামৰ সন্ধানত গ’লেও দেখোন বিক্ৰী হে যাও। আৰক্ষীয়ে উদ্ধাৰ কৰি আনিলেও সেই একেই অৱস্থা। আমি কৰো কি। এক ঘূৰণীয়া বৃ্ত্তত ঘূৰি থকা নাইনে!’

    এয়া এক চিন্তা। সেই প্ৰতিঘৰ মানুহৰ চিন্তা যাৰ সন্তান অথবা ভগ্নী, পত্নী, ভাতৃ আদি কামৰ সন্ধানত, এক ভাল ভৱিষ্যতৰ সন্ধানত , দুবেলা দুমুঠি পেট ভৰাই খোৱাৰ আশাত ঘৰৰ পৰা ওলাই যায়। পিছে ওলাই গৈ এক ক’লা গহ্বৰত সোমাই পৰে।

    সেই ক’লা গহ্বৰত কষ্ট ঠিকেই, কিন্তু খাদ্য সময়ত পায়, পিন্ধিবলৈ দুখন কাপোৰ পায়, চালৰ পৰা পানী নপৰাকৈ থকা এক বাসস্থান পায়। কিন্তু….এই খিনিতো আহি পৰে এক ডাঙৰ ‘কিন্তু’ অথবা এক ‘প্ৰশ্ন বোধক’।

    সমাজহিতৈষী লোক, আৰক্ষী লোক….সকলোৱেই চিন্তা কৰে মানৱ সৰবৰাহকাৰীৰ হাতত বিক্ৰী যাওঁতা সকলৰ বাবে। পিছে এই খিনিতেই সেই বিক্ৰী যোৱা সকলৰ ভৱিষ্যতৰ ওপৰত আহি নপৰেনে সেই একেই এক ডাঙৰ প্ৰশ্ন বোধক।

    উদ্ধাৰ হৈ আহে ঠিকেই। কিন্তু যি অৱস্থাৰ পৰা পৰিত্ৰাণ বিচাৰি গৈ সেই মানৱ সৰবৰাহকাৰীৰ হাতত পৰিছিল , আকৌ ঘৰলৈ আহি সেই একেই অৱস্থা পোৱা নাইনে। সেই একেই খোৱা থালী খালী। পিন্ধিবলৈ সেই একেই ফটা-চিটা জোৰা তাপলি মৰা এজোৰেই কাপোৰ। সেই একেই বৰষুণৰ বতৰত বাহিৰৰ সলনি ভিতৰত বেছি কৈ পানী পৰা ঘৰ।

    সদ্যহতে অসম আৰক্ষীৰ সফলতা শীৰ্ষক এক বাতৰি সকলো সংবাদ মাধ্যমতে প্ৰকাশ পাইছিল। মানৱ সৰবৰাহকাৰীৰ পৰা একেলগে ৪২ টা কৈ শিশু উদ্ধাৰৰ ঘটনা। অসমৰ চিৰাং জিলাৰ পৰা সন্ধানহীন হোৱা এই সংখ্যক শিশুক উদ্ধাৰ কৰা হৈছিল পশ্চিমবংগ আৰু চিকিমৰ সীমান্তৰ পৰা।

    সুকলমে উদ্ধাৰ কৰি পুনৰ পিতৃ-মাতৃৰ হাতত অৰ্পন কৰা ঘটনা পূৰ্বতো বহু প্ৰকাশ পাইছিল। পিছে কিয় এনেদৰে মানৱ সৰবৰাহকাৰীৰ হাতত পৰিব লগা হয় শিশু সকল। কিয় ইমান কম কম বয়সতে পিতৃ-মাতৃয়ে নিজেই যাবলৈ সন্মতি দিয়ে। ইয়াৰ একমাত্ৰ কাৰণ অৰ্থনৈতিক নহয় জানো!

    তেন্তে এই উদ্ধাৰ কৰাই শেষ কৰ্তব্য নেকি !

    যি অৱস্থাৰ পৰা উদ্ধাৰ হবৰ বাবে ওলাই আহে, আৰক্ষীয়ে উদ্ধাৰ কৰাৰ পিছত পুনৰ সেই একেই অৱস্থা গৈ নাপায়গৈ নে….তেন্তে কি কৰা উচিত। কোনো এক সঠিক সিদ্ধান্ত এই ক্ষেত্ৰত লবৰ বাবে চৰকাৰৰ কৰ্তব্য আহি পৰে বুলি অনুধাৱন কৰিবৰ বাবে সময় আহি পৰা নাইয়ে?

    যদিহে চৰকাৰৰ হাতত মানৱ সৰবৰাহকাৰীৰ হাতৰ পৰা উদ্ধাৰ হোৱা সকলৰ বাবে কোনো এক সঠিক পথ নিৰ্ধাৰণ কৰা থাকে তেন্তে এই মানৱ সৰহবৰাহকাৰীৰ দৰে ব্যৱসায় কিছু হ্ৰাস পোৱাৰ সম্ভাৱনা আছে।

    অন্যহাতে যদিহে ভালদৰে লক্ষ্য কৰা যায় এই ঘৃণনীয় ব্যৱসায়ত সাধাৰণতে সেই সংখ্যক লোকেই পৰে যি সকল শিক্ষাৰ ফালৰ পৰা কিছু পিছ পৰা। জনজাতীয় লোক সকল এই মানৱ সৰবৰাহকাৰীৰ হাতত অধিক পৰাতো দেখিবলৈ পোৱা যায়।

    যদিহে সেই জনজাতীয় বসবাস কৰা এলেকাত শিক্ষাৰ সাধন উন্নত কৰা হয়। তাৰোপৰি মাজে মাজে এই মানৱ সৰবৰাহ, মানৱ অংগ সৰবৰাহ আদিৰ ওপৰতো যদি সম্যক জ্ঞান প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰে এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰে, তেন্তে অসমৰ পৰা এই সমস্যা বহুলাংশে হ্ৰাস পোৱাৰ সম্ভাৱনা থকা বুলি আশা কৰিব পাৰি।

    আৰু পঢ়ক : নতুন নহয় অসম-মিজোৰাম বিবাদ; ভাৰতৰ আন কোনকেইখন ৰাজ্যৰ মাজত চলি আছে এনে বিবাদ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং