17 C
Guwahati
শনিবাৰ, ডিচেম্বৰ 4, 2021
More

    ভাৰতীয় হকীৰ পুনৰুত্থান, আনন্দৰ ঢৌত পাহৰি গ’লে নহ’ব ওড়িশাৰ মুখ্য মন্ত্ৰী নবীন পাটনায়কৰ ভূমিকাক

    ভাৰতীয় হকীৰ পুনৰুত্থান, আনন্দৰ ঢৌত পাহৰি গ’লে নহ’ব ওড়িশাৰ মুখ্য মন্ত্ৰী নবীন পাটনায়কৰ ভূমিকাক

    ভাস্কৰ কলিতা

    সুদীৰ্ঘ ৪১ বছৰৰ অন্তত ভাৰতে আজি টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰি ভাৰতীয় হকীৰ হৃত সোণালী গৌৰৱ পুনৰুদ্ধাৰৰ যাত্ৰা একপ্ৰকাৰ আৰম্ভ কৰা বুলি কলেও ভুল কোৱা নহ’ব।

    ৰাষ্ট্ৰপতি, প্ৰধান মন্ত্ৰীৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰতিগৰাকী নাগৰিক আজি ভাৰতীয় পুৰুষ হকী দলটোৰ প্ৰদৰ্শনক লৈ গৌৰৱান্বিত। পুৰুষ হকীৰ সমান্তৰালভাৱে অলিম্পিকত এইবাৰ ভাৰতীয় মহিলা হকী দলেও উল্লেখনীয় প্ৰদৰ্শন আগবঢ়াইছে।

    সকলো ঠিকে থাকিলে মহিলা দলৰো পদক জয়ৰ সম্ভাৱনা উজ্জ্বল।

    ভাৰতীয় হকী দলৰ টকিঅ’  অলিম্পিকৰ প্ৰদৰ্শনৰ শ্ৰেয় নিশ্চয়কৈ দলটোৰ খেলুৱৈ, প্ৰশিক্ষকৰ লগতে হকী ফেডাৰেশ্যন অফ ইণ্ডিয়াক দিব লাগিব কিন্তু এইক্ষেত্ৰত এগৰাকী বিশেষ ব্যক্তিৰ অৱদানক আমি পাহৰি গ’লে নহ’ব।

    যিটো সময়ত ২০১৮ চনত ছাহাৰা ইণ্ডিয়াই ভাৰতীয় হকী দলক স্পনছৰ কৰিবলৈ অসন্মত হোৱাৰ লগতে অন্য কোনো প্ৰতিষ্ঠানে এসময়ৰ ভাৰতৰ গৌৰৱৰ প্ৰতীক জাতীয় খেল হকীক স্পনছৰ কৰিবলৈ আহবাঢ়ি অহা নাছিল সেই সময়ত ভাৰতীয় হকীক স্পনছৰ কৰিবলৈ আগবাঢ়ি আহিছিল নবীন পাটনায়ক নেতৃত্বাধীন ওড়িশা চৰকাৰ।

    ২০১৮ চনত ওড়িশা ৰাজ্যিক চৰকাৰে ভাৰতীয় পুৰুষ আৰু মহিলা হকী দলক পাঁচ বছৰৰ বাবে ১০০ কোটি টকাৰ চু্ক্তিত স্পোনছৰ কৰিবলৈ আগবাঢ়ি আহিছিল।

    ক্ৰিকেটৰ ক্ৰমবৰ্দ্ধিত জনপ্ৰিয়তাত ম্লান পৰিব ধৰা ভাৰতীয় হকীৰ গৌৰৱক পুনৰ ঘুৰাই অনাটোৱে যেন লক্ষ্য আছিল নবীন পাটনায়কৰ।

    ওড়িশা চৰকাৰে ভাৰতীয় হকীক স্পোনছৰ কৰাৰ পাছৰে পৰা পুনৰ আৰম্ভ হয় ভাৰতীয় হকীৰ পুনৰুত্থানৰ নীৰৱ প্ৰক্ৰিয়া।

    হকীক দেশত অধিক জনপ্ৰিয় কৰি তোলাৰ লক্ষ্যৰে ওড়িশা চৰকাৰে ২০১৮ চনত ভূৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত আয়োজন কৰিছিল  হকী ৱৰ্ল্ড লীগ।

    পৰৱৰ্তী বৰ্ষত ওড়িশাই ক্ৰমে এফআইএইচ মেনছ ছিৰিজ ফাইনেল আৰু অলিম্পিক হকী কোৱালিফায়াৰ অনুষ্ঠিত কৰি ভাৰতীয় হকীক উজ্জীৱিত কৰি তোলাৰ প্ৰয়াস অব্যাহত ৰাখিছিল।

    নবীন পাটনায়কৰ প্ৰচেষ্ঠাতে পূৰ্বে ভাৰতীয় হকীৰ পাৱাৰ হাউচ পঞ্জাৱৰ লগতে ওড়িশাৰ হকী খেলুৱৈ সকলেও ভাৰতীয় হকী দলৰ হৈ উন্নত প্ৰদৰ্শন দাঙি ধৰিবলৈ আৰম্ভ কৰে।

    নবীন পাটনায়ক আৰু ওড়িশা চৰকাৰৰ সহযোগ আৰু ভাৰতীয় খেলুৱৈ সকলৰ অফুৰন্ত মনোবলৰ বাবে আজি ৪১ বছৰৰ অন্তত অলিম্পিকত পুনৰ উজলি উঠিল ভাৰতীয় হকী।

    ১৯২৮, ১৯৩২ আৰু ১৯৩৬ অলিম্পিকত বিশ্ব হকীৰ যাদুকৰ ধ্যানচান্দৰ অদম্য প্ৰদৰ্শনেৰে সোণৰ পদক আজুৰি অনা ভাৰতীয় হকী দলে ১৯৮০ চনৰ মস্কো অলিম্পিকত অন্তিমবাৰৰ বাবে অৰ্জন কৰিছিল সোণৰ পদক।

    এতিয়া সকলোৰে আশা আগন্তুক পেৰিছ অলিম্পিকত বৰ্তমানতকৈয়ো শক্তিশালী হৈ উঠিব ভাৰতৰ পুৰুষ আৰু মহিলা দুয়োটা হকী দল কিন্তু ইয়াৰ বাবে লাগিব নবীন পাটনায়কৰ দৰে আৰু অধিক মহান নেতাৰ অৱদান আৰু সমৰ্থন।

    ভাৰতীয় খেলুৱৈৰ তেজত আছে হকীৰ কৌশল আৰু যাদুকৰী কলা ইয়াৰ সংবৰ্দ্ধন আৰু বিকাশৰ বাবে প্ৰয়োজন মাথো সংঘবদ্ধ কিছু প্ৰচেষ্টা আৰু জনসমৰ্থন।

    ( লেখক ভাস্কৰ কলিতা, প্ৰকাশিত প্ৰবন্ধত উল্লেখ কৰা মতামত লেখকৰ নিজস্ব আৰু সেই মতামতে TIME8ৰ বক্তব্য প্ৰতিফলিত নকৰিবও পাৰে। )

    আৰু পঢ়ক : ১২ বছৰ পূৰ্বে মুছলিম ধৰ্ম গ্ৰহণ কৰিছিল পিতৃ-মাতৃয়ে, এতিয়া পুনৰ হিন্দু ধৰ্ম গ্ৰহণ পুত্ৰ-বোৱৰীৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং