15.1 C
Guwahati
শনিবাৰ, জানুৱাৰী 29, 2022
More

    সুদীৰ্ঘ ৯ বছৰৰ পাছত পুনৰ মিলন মাতৃ-কন্যাৰ, টকাৰ লোভত ৩ বছৰ বয়সতে বিক্ৰী কৰি দিছিল পিতৃয়ে

    সুদীৰ্ঘ ৯ বছৰৰ পাছত পুনৰ মিলন মাতৃ-কন্যাৰ, টকাৰ লোভত ৩ বছৰ বয়সতে বিক্ৰী কৰি দিছিল পিতৃয়ে। অৱশেষত বিশ্বনাথ আৰক্ষীয়ে সুদীৰ্ঘ ৯ বছৰৰ পাছত সন্ধান উলিয়াবলৈ সক্ষম হয় সেই বিক্ৰী যোৱা কন্যাৰ।

    ধনৰ প্ৰলোভনত নিজ কন্যাক ৩ বছৰ বয়সতে পিতৃয়ে মাতৃৰ অজ্ঞাতে গোপনে বিক্ৰী কৰিছিল অৰুণাচলীৰ হাতত। এই হৃদয়বিদাৰক ঘটনা ঘটিছে বিশ্বনাথত ৷

    ধনৰ প্ৰলোভনত মাতৃৰ বুকু শুদা কৰি পিতৃয়ে ৰমিলা বসুমতাৰী নামৰ এগৰাকী মহিলাক কোনো লোকৰ ঘৰত পোহ পাল দিয়াৰ বাবে প্ৰদান কৰিছিল নিজৰ তিনি বছৰীয়া কন্যা শিশুটিক। তাৰ পৰৱৰ্তী সময়তে ৰমিলা বসুমতাৰী নামৰ মহিলা গৰাকীয়ে সেই কন্যা শিশুটিক বিক্ৰী কৰিছিল অৰুণাচলৰ নাহৰলগুনত।

    মাকৰ বুকুৰ উমত থকা বয়সতে শিশু গৰাকীক অৰুণাচলৰ নাহৰলগুনৰ মানুহঘৰে বনকৰা কামত লগাইছিল। কিন্তু সুদীৰ্ঘ ৯ বছৰৰ পিছত এই কন্যা শিশুটিৰ মাতৃ সীমা খেৰীয়াই বিশ্বনাথ সদৰ আৰক্ষীৰ সহায়ত বিচাৰি উলিয়াই জীয়েকক।

    বিশ্বনাথ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জিত কুমাৰ ৰায়ৰ নেতৃত্বত আৰম্ভ হৈছিল তদন্ত। সেই তদন্তৰ অন্তত অৱশেষত তিনি বছৰ বয়সত কন্যা শিশুটিক বিক্ৰী কৰা মূল অভিযুক্ত ৰমিলা বসুমতাৰীক বিশ্বনাথ সদৰ আৰক্ষী থানাৰ দলে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

    তাৰ পিছতে গ্ৰেপ্তাৰ কৰা ৰমিলা বসুমতাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত বিশ্বনাথ সদৰ আৰক্ষী থানাৰ অভিযানকাৰী দলে অৰুণাচলৰ নাহৰলগুণত অভিযুক্ত মহিলাকগৰাকীক লৈ অভিযান চলাই অৱশেষত উদ্ধাৰ কৰিবলৈ সক্ষম হয় কন্যা শিশুটি।

    সুদীৰ্ঘ ৯বছৰে সন্ধানহীন হৈ থকা বিশ্বনাথৰ গলিয়াৰ সমীপৰ নৱপুৰৰ পুতুল খাৰিয়া আৰু সীমা খাৰিয়াৰ কন্যা লক্ষী খাৰিয়াই বৰ্তমান ভৰি দিলে ১২ বছৰ বয়সত।

    উল্লেখ্য যে, অনুসন্ধান কালত ফটোত দেখি নিজ মাতৃয়েই চিনি পোৱা নাছিল নিজ কন্যাক ৷ কিন্তু উদ্ধাৰ অভিযানত স্বচক্ষে নিজৰ কন্যাক দেখিহে চিনি পায় আৰু কন্যাইও চিনি পায় মাক সীমা খাৰিয়াক।

    ইফালে, অৰুণাচলী লোকে ৩ বছৰীয়া কন্যা শিশুটিৰ নাম পৰ্যন্ত সলাই নতুন নাম দিছিল মনিকা য়াংফু ওৰফে য়ামী আৰু শিশু গৰাকীয়েও মাতৃভাষা অসমীয়াৰ পৰিৱৰ্তে কথা বতৰা পাতে হিন্দী ভাষাত।

    বিশ্বনাথ আৰক্ষীৰ এই সফলতাক শিশুটিৰ পৰিয়ালৰ লগতে বিশ্বনাথ চাৰিআলি বাসীয়ে ধন্যবাদ জনায় ৷ শিশুটি ঘূৰাই পোৱাত পৰিয়লটোৰ মূখত পুনৰ হাঁহি বিৰিঙি উঠে।

    Input and Photo- Hassinur Alom

    আৰু পঢ়ক : নৃশংস হত্যাকাণ্ড, জ্যেষ্ঠ ভাতৃক হত্যা কৰি ঘৰৰ পিছফালে পুতি থলে কনিষ্ঠ ভাতৃয়ে

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং