17 C
Guwahati
বুধবাৰ, জানুৱাৰী 26, 2022
More

    প্ৰদীপ দত্ত ৰয়ক শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱাৰ নিৰ্দেশ

    অসমীয়া ভাষাক চূড়ান্ত অপমান কৰি গ্ৰেপ্তাৰ হোৱা বৰাকৰ স্বয়ম্ভু বঙালী নেতা প্ৰদীপ দত্ত ৰয়ক শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে।

    শিলচৰ ছেচন আদলতে আজি কেন্দ্ৰীয় কাৰাগাৰক এই নিৰ্দেশ প্ৰদান কৰিছে। ৰয়ক ৭ দিনৰ বাবে চিকিৎসালয়ত ভৰ্তিৰ নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে৷

    প্ৰদীপ দত্ত ৰয়ৰ স্বাস্থ্যজনিত কাৰণৰ কথা উল্লেখ কৰি আজি ছেচন আদালতত তেওঁৰ অধিবক্তাই এখন আবেদন দাখিল কৰিছিল।

    আবেদন বিবেচনা কৰাৰ অন্তত অহা ১০ ডিচেম্বৰলৈকে চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ কাৰণে শিলচৰ কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে আদালতে।

    আজি নিশাৰ ভাগত জেইলৰ পৰা প্ৰদীপ দত্ত ৰয়ক শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হ’ব৷

    উল্লেখ্য যে বৰাকত এখনো অসমীয়া হৰ্ডিং থাকিব নোৱাৰিব বুলি মন্তব্য কৰি বিভিন্ন দল-সংগঠন তথা অসমীয়াৰ ৰোষত পৰা প্ৰদীপ দত্ত ৰয়ক ২৭ নৱেম্বৰত গ্ৰেপ্তাৰ কৰা হৈছিল।

    আৰু পঢ়ক : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চকু এতিয়া কেৱল প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিৰ চকীত: এআইইউডিএফ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং