21 C
Guwahati
বুধবাৰ, জানুৱাৰী 26, 2022
More

    কোনেও কৰিব নোৱাৰা কাম কৰি পেলালে বিগ বছে, বিচাৰি উলিয়ালে ৰাখী সাৱন্তৰ স্বামীক

    ৰাখী সাৱন্ত আৰু এণ্টাৰটেইনমেণ্ট একেটা মুদ্ৰা বুলিলেও ভুল কোৱা নহব। যাৰ বাবে টিভিৰ অন্যতম ৰিয়েলিটী শ্বো বিগবছৰ টি আৰ পি নামিবলৈ ধৰাত ৱাইল্ড কাৰ্ড এণ্ট্ৰিৰ জৰিয়তে প্ৰৱেশ ঘটাই ৰাখীৰ। ৰাখী সাৱন্তৰ লগতে ৱাইল্ড কাৰ্ড এণ্ট্ৰি হয় টি ভি জগতৰ অন্য দুগৰাকী চৰ্চিত অভিনেত্ৰী দেৱলীয়া ভট্টাচাৰ্য আৰু ৰশ্মি দেশাই।

    পিছে এই সকলোতকৈ গুৰুত্বপূৰ্ণ কথা যে, এই ৱাইল্ড কাৰ্ড এণ্ট্ৰিত এনে এগৰাকী লোকৰো প্ৰৱেশ ঘটিল যাৰ পিছতে বিগ বছ ১৫ৰ টি আৰ পিয়ে হিট কৰে। সেই ব্যক্তি গৰাকী হৈছে ৰাখী সাৱন্তৰ স্বামী।

    কোনেও কৰিব নোৱাৰা কাম কৰি পেলালে বিগ বছে, বিচাৰি উলিয়ালে ৰাখী সাৱন্তৰ স্বামীক

    যি স্বামীৰ এখন ফটোৰ বাবে ইমানদিনে পাপাৰাজ্জীয়ে বহু চেষ্টা কৰিও বিফল হৈছিল, সেই স্বামীক সাক্ষাৎ সোশৰীৰে কেমেৰাৰ সমুখত উপস্থিত কৰোৱাই বিগ বছে।

    ড্ৰামা কুইন ৰাখী সাৱন্তৰ স্বামী ৰিতেশৰ আগমন বিগ বছত। প্ৰথমটো দিন বিগ বছত সকলোৰে সৈতে চা চিনাকি হয় ৰাখীৰ স্বামী ৰিতেশ। নিজৰ ব্যৱসায় আৰু ঠিকনাৰ বিষয়েও কথা বতৰা পাতে অন্যৰ সৈতে। বৰ্তমানে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ৰাখী সাৱন্তৰস্বামী ৰিতেশৰ ফটো আৰু ভিডিঅ।

    আৰু পঢ়ক : মাত্ৰ দুদিন পূৰ্বে ট্ৰেক্টৰ চলাই সুস্বাস্থ্যৰ খবৰ দিয়া লালু প্ৰসাদ যাদৱৰ অৱস্থা সংকটজনক, দিল্লীৰ এইমছত ভৰ্তি

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং