আৰক্ষী কঠোৰ হ’ব ইণ্টাৰনেট অপব্যৱহাৰৰ ওপৰত, নজৰ ৰখা হ’ব ছচিয়েল মিডিয়াতঃ যুটীয়া আৰক্ষী আয়ুক্ত

এইপৰ্যন্ত ৯৯টা গোচৰ ৰুজু হৈছে। ১১২ জন গ্ৰেপ্তাৰ হৈছে কেৱল গুৱাহাটীত। সাতগাঁৱৰ বাহিৰে প্ৰতিখন থানাতেই গোচৰ ৰুজু হৈছে গুৱাহাটীত। এই মন্তব্য যুটীয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যায়ৰ

0
55

সম্পূৰ্ণ ৮ দিনৰ পিছত শুকুৰবাৰে পুৱা ৯ বজাত পুনৰ আৰম্ভ হ’ল মোবাইল ইণ্টাৰনেট সেৱা। ইণ্টাৰনেট সেৱা আৰম্ভ হোৱাৰ পিছৰে পৰা অধিক কঠোৰ হ’ব মহানগৰ আৰক্ষী। ইণ্টাৰনেট অপব্যৱহাৰৰ ওপৰত যথেষ্ট কঠোৰ হ’ব আৰক্ষী। ছচিয়েল মিডিয়াৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিব মহানগৰ আৰক্ষীয়ে।

প্ৰৰোচিত মন্তব্য, উত্তেজনামূলক ফটো, VIDEO আপলোড গ্রহণযোগ্য নহ’ব বুলি সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে যুটীয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যায়ে। সকলোকে কঠোৰ হাতেৰে দমন কৰা হ’ব বুলিও মন্তব্য কৰে যুটীয়া আৰক্ষী আয়ুক্তগৰাকীয়ে। কোনো বিতৰ্কিত পোষ্ট দিলে আৰক্ষীক অৱগত কৰিবলৈ আহ্বান জনায় দেৱৰাজ উপাধ্যায়ে। আৰক্ষীয়ে ৰাইজৰ বাবে মুকলি কৰিব Whatsapp নম্বৰ। সেই নম্বৰত প্ৰেৰণ কৰিব পাৰিব যিকোনো VIDEO, ফটো বা বিতৰ্কিত পোষ্টৰ স্ক্ৰীণশ্বট।

এইপৰ্যন্ত ৯৯টা গোচৰ ৰুজু হৈছে। ১১২ জন গ্ৰেপ্তাৰ হৈছে কেৱল গুৱাহাটীত। সাতগাঁৱৰ বাহিৰে প্ৰতিখন থানাতেই গোচৰ ৰুজু হৈছে গুৱাহাটীত। এই মন্তব্য যুটীয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যায়ৰ।

Photo Credit: Time8