25.8 C
Guwahati
Sunday, October 17, 2021
More

    সঞ্জয় দত্ত থকা একেখন কাৰাগাৰতে আছে শ্বাহৰুখ তনয়

    সঞ্জয় দত্ত থকা একেখন কাৰাগাৰতে আছে শ্বাহৰুখ তনয়

    জামিন নাকচ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানৰ। লগে লগে কাৰাগাৰত আৱদ্ধ হোৱা নিশ্চিত হৈ পৰিছে, পিছে জামিনৰ শুনানি অহাৰ পূৰ্বেই এন চি বিয়ে আৰ্থাৰ ৰোড জেললৈ লৈ যায়।

    এই আৰ্থাৰ ৰোড জেইল সেইখনেই জেল, য’ত এটা সময়ত বলীউডৰ এগৰাকী আগশাৰীৰ অভিনেতা সঞ্জয় দত্তইয়ো কাৰাবাস খাটি গৈছে। লগত সেই একেখন ঠাইতে মুম্বাই কাণ্ডৰ অন্যতম আক্ৰমণকাৰী আজমল কাছভো কাৰাবাস খাটি গৈছিল।

    শ্বাহৰুখ তনয় আৰিয়ানৰো ১৪ দিনীয়া ন্যায়িক জিম্মাৰ এই সময় খিনিত বৰ্তমান ঠিকনা হৈ পৰিছে মুম্বাইৰ আৰ্থাৰ ৰোড জেল। আৰিয়ান লগতে অন্য ৮ আৰোপীকো ৰখা হৈছে একেখন জেলতে।

    অৱশ্যে কৰণা কাল হোৱাই কেউজনক বৰ্তমানেও কাৰাগাৰত ৰখা নাই। ১ নম্বৰ বেৰেকত কোৱাৰেণ্টাইনত হে ৰখা হৈছে। ৫ দিনলৈ ১ নম্বৰ বেৰেকতে থাকিব লাগিব আৰিয়ানসহ আঠোজন আৰোপী।

    আৰু পঢ়ক : পুনৰ বৃহৎ ভুমিকম্প আগজাননী নেকি উত্তৰ পূৱত! চলিত মাহত ষষ্ঠটো ভুমিকম্প

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং