19 C
Guwahati
Monday, December 6, 2021
More

    আদালতত মুখ থেকেচা! নাপালে জামিন, কাৰাগাৰতে থাকিব লাগিব আৰিয়ন খান, কি ক’লে শ্বাহৰুখে?

    আদালতত মুখ থেকেচা! নাপালে জামিন, কাৰাগাৰতে থাকিব লাগিব আৰিয়ন খান, কি ক’লে শ্বাহৰুখে?

    পুনৰ নাকচ হ’ল শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ন খানৰ জামিন। আজিও জামিন লাভ নকৰিলে আৰিয়ন খানে। ন্যায়ধীশ বি বি পাটিলে আৰিয়ন খানৰ লগতে অন্য ২ অভিযুক্ত অৰবাজ আৰু মুনমুন ধমেছাৰ জামিন নাকচ কৰে।

    ইয়াৰ পিছতেই আৰিয়ন খানৰ অধিবক্তাই কয় যে তেওঁলোকে আৰিয়নৰ জামিনৰ বাবে বোম্বে উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিব।

    উল্লেখ্য যে, ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল আৰিয়ন খানসহ অন্য অভিযুক্ত । কেইবাদিনো ধৰি আৰিয়ন খানে কাৰাগাৰতে আছে। কিন্তু এতিয়ালৈকে জামিন লাভ কৰা নাই আৰিয়নে।

    আজিও আদালতত আৰিয়নৰ জামিনক লৈ হোৱা শুনানিক জামিন নাকচ হয় যাৰ বাবে পৰৱৰ্তী শুনানিলৈ কাৰাগাৰতে থাকিব লাগিব আৰিয়ন।

    উল্লেখ্য যে, পুত্ৰ গ্ৰেপ্তাৰ হোৱাৰ পিছৰে পৰাই বলিউডৰ বাদছাহ শ্বাহৰুখ খানে এতিয়ালৈকে কোনো ধৰণৰ মন্তব্য প্ৰদান কৰা নাই। কিন্তু তেওঁক সমৰ্থন আগবঢ়াইছে বিভিন্ন অনুৰাগী, বলিউডৰ বহু অভিনেতা অভিনেত্ৰীয়ে। ইতিমধ্যে বহু অভিনেতা অভিনেত্ৰীয়ে আৰিয়নৰ সমৰ্থনত ছচিয়েল মিডিয়াত মন্তব্য কৰাও দেখা গৈছে।

    আৰু পঢ়ক : অৱশেষত নিজৰ ৰাজনৈতিক দল খোলাৰ কথা ঘোষণা কেপ্তেইন অমৰিন্দৰ সিঙৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং