27 C
Guwahati
Thursday, October 14, 2021
More

    পুনৰ ন্যায়ালয়ত মুখঠেকেচা, এইবাৰো নহল জামিন, আৰু ৫ দিনলৈ কাৰাগাৰেই ঠিকনা আৰিয়ানৰ

    পুনৰ ন্যায়ালয়ত মুখঠেকেচা, এইবাৰো নহল জামিন, আৰু ৫ দিনলৈ কাৰাগাৰেই ঠিকনা আৰিয়ানৰ

    শ্বাহৰুখ তনয় আৰিয়ান খানৰ জামিন সন্দৰ্ভত কোন বাট মুকলি নোহোৱাৰ দৰে। এইবাৰো জামিন লাভৰ ক্ষেত্ৰত মুখঠেকেচা খালে আৰিয়ানে।

    ড্ৰাগছৰ গোচৰত অভিযুক্ত আৰিয়ান খানে পৰৱৰ্তী ৫ দিনলৈ কাৰাগাৰতেই থাকিব লাগিব। অহা শুনানি ২০ অক্টোবৰ বুলি সদৰি কৰে ন্যায়াধীশ বি বি পাটিলে।

    অৱশ্যে ২০ অক্টোবৰৰ দিনাও যে জামিন পাব তাৰো আশা ক্ষীণ। কিয়নো ন্যায়াধীশ বি বি পাটিলে কয় যে, তেওঁ ভীষণ ব্যস্ত। ২০ অক্টোবৰ দিনাও ব্যস্ত থাকিব। চেষ্টা কৰিব সেইদিনা জামিন সন্দৰ্ভত শুনানি দিবৰ বাবে।

    উল্লেখ্য যে, কৰণাৰ দিনকাল হোৱাই ড্ৰাগছ গোচৰৰ গ্ৰেপ্তাৰ হোৱা কেউজনকে মুম্বাইৰ আৰ্থাৰ ৰোড কাৰাগাৰত ১ নৱম্ব কোঠৰীত একেলগে কোৱাৰাইণ্টাইনত ৰখা হৈছিল।

    সেই সময় বৰ্তমানে সম্পূৰ্ণ হোৱাৰ লগতে সকলোৰে কৰণাৰ ৰিপোৰ্টো নিগেটিভ অহাত এতিয়া সকলোকে অন্য অন্য কাৰাগাৰৰ কোঠাত কাৰাৰুদ্ধ কৰি ৰখা হব।

    আৰু পঢ়ক : পূজা উল্লাসৰ মাজতে চিকিৎসালয়ত লজ্জাজনক ঘটনা, নাৰ্চক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং