35 C
Guwahati
Saturday, October 16, 2021
More

    এনচিবিৰ আগত আৰিয়ানৰ স্বীকাৰোক্তি- ‘সেৱন কৰিছিল এবিধ বিশেষ ড্ৰাগছ’

    শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ বিস্ফোৰক স্বীকাৰোক্তি। এন চি বিৰ সমুখত দিয়া ভাষ্য অনুসৰি সেৱন কৰিছিল এবিধ বিশেষ ড্ৰাগছ। চৰস নামৰ ড্ৰাগছ বিধ সেৱন কৰিছিল আৰিয়ানে।

    আনহাতে ন্যায়িক জিম্মাত থকা ৮ গৰাকীৰ আন এগৰাকী অভিযুক্ত আৰবাজ মাৰ্চাণ্টেও সেই বিলাসী জাহাজত যাওতে লৈ গৈছিল ড্ৰাগছ। জোতাৰ বিতৰত সোমুৱাই লৈ গৈছিল ড্ৰাগছ।

    ২ অক্টোবৰৰ নিশা মুম্বাইৰ পৰা গোৱালৈ যোৱা সেই জাহাজখনতেই এন চি বিয়ে হঠাতে তালাচী চলাই বহু ড্ৰাগছ জব্দ কৰাৰ লগতে কেইবাজনকো আটক কৰিছিল। তাৰেই মাজত আছিল এজন শ্বাহৰুখ খানৰ পু্ত্ৰ আৰিয়ান খান।

    কেইবাদিনো এন চি বিৰ জেৰাৰ সন্মুখিন হোৱাৰ সময়তেই আৰিয়ানে নিজ মুখেই স্বীকাৰোক্তি দিছে ড্ৰাগছ সেৱন কৰাৰ কথা। আৰবাজেও স্বীকাৰোক্তি দিয়ে- আৰিয়ানৰ লগতে একেলগেই সেৱন কৰিছিল চৰস নামৰ ড্ৰাগছ বিধ।

    আৰু পঢ়ক : সম্পুৰ্ণ উলংগ অৱস্থাত পানীত উপঙি থকা মৃতদেহ উদ্ধাৰ, হত্যাৰ সন্দেহ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং