
আজি অন্তিমটো দিন দিল্লীত বিধানসভা নিৰ্বাচনক লৈ মনোনয়ন দাখিল কৰাৰ কিন্তু বৰ্তমানলৈ মনোনয়ন দাখিল কৰিব পৰা নাই মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। প্ৰায় ৬ ঘণ্টা পূৰ্বে কেজৰিৱাল উপস্থিত হৈছিল নিৰ্বাচন কাৰ্যালয়ত কিন্তু তাত মনোনয়ন দাখিল কৰিবলৈ যোৱাসকলৰ আছিল দীঘলীয়া শাৰী।
AAPয়ে এই ঘটনাক বৃহৎ ষড়যন্ত্ৰ আখ্যা দিয়ে। উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াই টুইটাৰযোগে ক’লে যে ‘বিজেপিসকল! যিমান ইচ্ছা সিমানে ষড়যন্ত্ৰ কৰক! অৰবিন্দ কেজৰিৱালক মনোনয়ন দাখিল কৰাটো বাধা প্ৰদান কৰিব নোৱাৰে আৰু তৃতীয়বাৰলৈ দিল্লীৰ মুখ্যমন্ত্ৰী হোৱাটো বাধা দিব পাৰিব। আপোনালোকৰ ষড়যন্ত্ৰ কেতিয়াও সফল নহয়।
তেওঁ ক’লে যে, বিজেপিয়ে অৰবিন্দ কেজৰিৱালৰ পূৰ্বে ৪৫ গৰাকী প্ৰাৰ্থীক মনোনয়ন দাখিল কৰিবলৈ শাৰীত থিয় কৰাই দিয়ে। নিৰ্বাচনী আয়োগে জানি বুজিয়েই প্ৰাৰ্থীসকলক আধা বা এক ঘণ্টাৰ সময় দিছে।
মনোনয়ন পত্ৰ দাখিল কৰাত পলম হোৱাক লৈ অৰবিন্দ কেজৰিৱালৰ টুইট…
Photo credit: abplive.com