আজি পঞ্চভূতত বিলীন হ’ব অৰুণ জেটলী। দিল্লীৰ নিগমবোধ ঘাটত সম্পন্ন হ’ব শেষকৃত্য। প্ৰাক্তন বিত্তমন্ত্ৰী আৰু বিজেপিৰ জ্যেষ্ঠ নেতা অৰুণ জেটলী দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকাৰ পিছত শনিবাৰে দিল্লীৰ এইমছত ৬৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। উশাহ লোৱাত অসুবিধা হোৱাৰ বাবে ৯ আগষ্টত তেখেতক এইমছ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।
তেখেতৰ মৃত্যুত ৰাজনৈতিক জগতত শোকৰ ছাঁ। নিশা বাসগৃহতে ৰখা হয় জেটলীৰ নশ্বৰ দেহ। অন্তিম দৰ্শনৰ বাবে তেখেতৰ নশ্বৰ দেহ বিজেপিৰ মুখ্য কাৰ্যালয়ত ৰখা হৈছে।

মুখ্য কাৰ্যালয়ত জেটলীক শেষ শ্ৰদ্ধা জনাব দলীয় নেতা কৰ্মীয়ে। বিয়লি ২ বজাত নিগমবোধ ঘাটলৈ নিয়া হ’ব জেটলীৰ নশ্বৰ দেহ। ৪ বজাত নিগমবোধ ঘাটত ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হ’ব জেটলীৰ।
Guwahati | Edited by: Dulu Medhi