কামৰূপ মহাবিদ্যালয় বৃত্তিমূলক প্ৰশিক্ষণৰ উদ্যোগত কলা আৰু কাৰুশিল্প প্ৰতিযোগিতা

0
3457

কামৰূপ মহাবিদ্যালয় বৃত্তিমূলক প্ৰশিক্ষণৰ উদ্যোগত চলিত মাহৰ ১৪ ছেপ্টেম্বৰত প্ৰতিষ্ঠান চৌহদত এখন কলা আৰু কাৰুশিল্প প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।

দিনজোৰা কাৰ্যসূচীৰে শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ক্ৰাফটিং দক্ষতা প্ৰদৰ্শন কৰে।

এই প্ৰতিযোগিতাখনত প্ৰায় ৬০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। ৬০ জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত মাত্ৰ ৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়েহে শীৰ্ষ ৭-ত স্থান লাভ কৰিবলৈ সক্ষম হয়।

যৌথভাৱে গ্ৰুপ এ-ৰ মানসী কলিতা আৰু জুমি ডেকা আৰু গ্ৰুপ বি-ৰ মতিউৰ ৰহমান আৰু বিট্টু প্ৰসাদে প্ৰথণ স্থান লাভ কৰে।

প্ৰথম স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰী

গ্ৰুপ বি-ৰ বনশ্ৰী ডেকাই দ্বিতীয় স্থান লাভ কৰাৰ বিপৰীতে গ্ৰুপ এইচ্চৰ জুৰিমা খানম আৰু অনুৰেখা দাসে তৃতীয় স্থান লাভ কৰে।

দ্বিতীয় স্থন লাভ কৰা ছাত্ৰীগৰাকী।
তৃতীয় স্থান লাভ কৰা ছাত্ৰীদ্বয়।

প্ৰতিযোগিতাখনৰ বিচাৰক হিচাপে আছিল উপাসনা বৰা।