
অলিম্পিক পদক বিজয়ী মল্লযোদ্ধা সুশীল কুমাৰক চাকৰিৰ পৰা নিলম্বন
যুৱ মল্লযোদ্ধা সাগৰ ধনখড় হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা দুবাৰৰ অলিম্পিক পদক জয়ী মল্ল যুঁজাৰু সুশীল কুমাৰক ৰে’ল বিভাগে চাকৰিৰ পৰা নিলম্বন কৰিছে।
উত্তৰ ৰে’লৱেৰ প্ৰৱক্তা দীপক কুমাৰে মঙলবাৰে এই কথা জনায়।
হত্যাত জৰিত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা সুশীল কুমাৰৰ বিৰুদ্ধে যিহেতু তদন্ত চলি আছে সেয়ে তেওঁক চাকৰিৰ পৰা নিলম্বন কৰা হয় বুলি উত্তৰ ৰে’লৱেই কয়।
সুশীল কুমাৰক যোৱা ২৩ মে’ত দিল্লী আৰক্ষীৰ বিশেষ গোটে গ্ৰেপ্তাৰ কৰিছিল।
ছত্ৰশাল ষ্টেডিয়ামত ২৩ বছৰীয়া মল্লযোদ্ধা সাগৰৰ মৃত্যুত জড়িত থকাৰ অভিযোগত দিল্লী আৰক্ষীয়ে দিল্লী আৰক্ষীয়ে সুশীল আৰু তেওঁৰ সহযোগী অজয়ক এদিন পূৰ্বে গ্ৰেপ্তাৰ কৰিছিল।
উল্লেখ্য যে এজাহাৰত সুশীলৰ নাম প্ৰকাশ হোৱাৰ পিছত তেওঁ প্ৰায় তিনি সপ্তাহ ধৰি পলাতক অৱস্থাত আছিল।
যুৱ মল্লযোদ্ধা সাগৰ ধনখড়ৰ হত্যাত জৰিত সুশীলৰ আন সহযোগীসকলকো আৰক্ষীয়ে বিচাৰি আছে।
ইফালে সুশীল কুমাৰক ৬ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হোৱাৰ লগতে কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন হৈছে।
আনহাতে তেওঁ লাভ কৰা সকলো সন্মান তথা বঁটা ঘূৰাই অনাৰো দাবী উত্থাপন কৰিছে একাংশই।
আৰু পঢ়ক : এতিয়াৰ পৰা গ্ৰাম্যাঞ্চলত ২ বজাৰ পৰা কাৰ্ফিউ; ৫ জুনলৈ বৃদ্ধি সময়সীমা