সদৰ থানাৰ পৰা পলায়ন বহু অভিযোগত অভিযুক্ত শিক্ষক ফকৰুল ইছলাম
গ্ৰেপ্তাৰ হোৱা এগৰাকী চৰকাৰী শিক্ষকে থানাৰ পৰা পলায়ন কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে কৰিমগঞ্জত।
কৰিমগঞ্জ সদৰ থানাৰ পৰা ফকৰুল ইছলাম নামৰ শিক্ষকগৰাকীয়ে পলাই যোৱা বুলি খবৰ আহিছে।
উল্লেখ্য যে সোমৰাৰ বিয়লি ভাগত বিভিন্ন অভিযোগৰ ভিত্তিত পাথাৰকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ফকৰুল ইছলামক।
গ্ৰেপ্তাৰ হোৱাৰ পিছতেই শিক্ষকগৰাকীক পাথাৰকান্দি আৰক্ষীয়ে কৰিমগঞ্জ সদৰ থানাত গতাই দিছিল।
আছিমিয়া ছিনিয়ৰ মাদ্ৰাছাৰ নামত বিত্তীয় কেলেংকাৰি তথা মধ্যাহ্ন ভোজনৰ চাউল আত্মসাতৰ লগতে বিভিন্ন অভিযোগত অভিযুক্ত আছিল ইছলাম।
কৰিমগঞ্জৰ বিদ্যালয় পৰিদৰ্শকৰ গোচৰৰ ভিত্তিত আটক হৈছিল ফকৰুল ইছলাম।
থানাৰ পৰা পলাতক হোৱা বিষয়টো সন্দৰ্ভত কৰিমগঞ্জৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে তদন্ত আৰম্ভ কৰিছে।
আৰু পঢ়ক : ১০ মাৰ্চৰ পাছত বন্ধ কৰিবৰ বাবে বিজেপিৰ কাৰ্য্যালয়লৈ তলা পঠিয়ালে সমাজবাদী পাৰ্টিয়ে