26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    চুৰি হোৱা ডেৰ লক্ষাধিক মূল্যৰ সোণ ৰূপৰ আ-অলংকাৰ সহ ৪ দুৰ্ধৰ্ষ চোৰ আটক…

    বিলাসীপাৰা থানাৰ অ’চি দেৱজিৎ শৰ্মাৰ নেতৃত্বত চলোৱা অভিযানত আজি দুৰ্ধৰ্ষ চোৰ চাৰিটা আটক হোৱাৰ লগতে চুৰি হোৱা সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় |

    আটকধীন চোৰ কেইটা কেয়ামুদ্দিন আলী(২৩) ইছলাম হক(৩২) দুয়োৰে ঘৰ সুৰ্যখাতা ২নং ৱাৰ্ড, নুৰ আমিন(২৪),বাঙালীপাৰা আৰু নবিউল ইছলাম (২২) কোকৰাঝাৰ গুটিৰপাৰা বুলি জানিব পৰা গৈছে |

    উল্লেখ্য যে বিলাসীপাৰা আৰক্ষী থানাৰ অন্তৰ্গত সুৰ্যখাতা ২ নম্বৰ ৱাৰ্ডৰ বাসিন্দা তথা কনিষ্ঠ অভিযন্তা আব্দুছ ছাত্তাৰৰ বাসগৃহত কোনো নথকাৰ সুযোগ লৈ চোৰৰ দলটিয়ে চুৰি কাৰ্য্য সংঘটিত কৰিছিল | প্ৰায় ডেৰ লক্ষাধিক মূল্যৰ সোণ ৰূপৰ আ অলংকাৰ চুৰি কৰিছিল।

    ইয়াৰ পিছতে চুৰি হোৱা ডেৰ লক্ষাধিক মূল্যৰ সোণ ৰূপৰ আ অলংকাৰ সহ চাৰিজন দুৰ্ধৰ্ষ চোৰ আটক হয় | অধিক তথ্য উদ্ধাৰৰ বাবে চোৰ চাৰিটা আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে |

    Photo and input: NUR AFRUJUL ISLAM

    আৰু পঢ়ক : ৰাজস্থান- দিল্লীত অৱশেষত ঘোষণা কৰা হ’ল লকডাউন

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং