জেললৈ যাব লাগিব একতা কাপুৰ, টেলিভিছন কুইন একতাৰ নামত জাৰি গ্ৰেপ্তাৰী পাৰোৱানা

0
1177

জেললৈ যাব লাগিব একতা কাপুৰ, টেলিভিছন কুইন একতাৰ নামত জাৰি গ্ৰেপ্তাৰী পাৰোৱানা

ভাৰতীয় টেলিভিছন কুইন একতা কাপুৰৰ নামত ওলাইছে গ্ৰেপ্তাৰী পাৰোৱানা। বলীডৰ প্ৰাক্তন অভিনেতা জীতেন্দ্ৰৰ কন্যা একতা কাপুৰ পূৰ্বৰে পৰা বহু চৰ্চিত। পূৰ্বেও একতাৰ কামৰ বাবে আইনৰ মুখামুখি হৈছে। পাছে এইবাৰ একেবাৰে গ্ৰেপ্তাৰী পাৰোৱানা।

বিহাৰৰ বেগুচৰাইৰ এখন আদালতে একতাৰ বিৰুদ্ধে এই গ্ৰেপ্তাৰী পাৰোৱানা তথা এৰেষ্ট ৱাৰেণ্ট জাৰি কৰিছে। প্ৰযোজক হিচাপে কাম কৰা এক ৱেব চিৰিজৰ বাবেই এই গ্ৰেপ্তাৰী পাৰোৱানা।

কিয়নো সেই ৱেব চিৰিজখনত একতাই সৈনিকৰ পত্নীৰ এক বেয়া চিত্ৰ প্ৰতিফলিত কৰিছে। সৈনিকক অপমান কৰা আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ অনুভূতিক আঘাত কৰাৰ গোচৰত এই গ্ৰেপ্তাৰী পাৰোৱানা জাৰি কৰিছে।

জানিব পৰা অনুসৰি, ৱেব চিৰিজখনত সৈনিকসকলৰ পত্নীয়ে আন পুৰুষৰ সৈতে সম্পৰ্ক স্থাপন কৰা দেখুওৱা হৈছে। যাৰ বাবেই ন্যায়াধীশ বিকাশ কুমাৰৰ আদালতে প্ৰাক্তন সৈনিক আৰু বেগুচাৰাইৰ নিৱাসী শম্ভু কুমাৰৰ গোচৰৰ ওপৰত ভিত্তি কৰি এই পাৰোৱানা জাৰি কৰে।

প্ৰাক্তন সৈনিক শম্ভু কুমাৰে ২০২০ চনৰ ৬ জুন তাৰিকে এক গোচৰ ৰুজু কৰিছিল যে ৱেব চিৰীজ ত্ৰিপল এক্স (চীজন–২)ত এজন সৈনিকৰ পত্নীৰ সৈতে সম্বন্ধিত বহু আপত্তিজনক কথা দেখুওৱা হৈছে । যাৰ বাবেই একতা কাপুৰৰ বিৰুদ্ধে গোচৰ তৰে সৈনিকগৰাকীয়ে।

উল্লেখ্য যে, এই গোচৰত কেৱল একতা কাপুৰেই নহয় , একতা কাপুৰৰ মাতৃ শোভা কাপুৰৰ বিৰুদ্ধেও এই গ্ৰেপ্তাৰী পাৰোৱানা জাৰি হৈছে। কিয়নো সেই ৱেব চিৰিজখনত একতাৰ লগতে মাতৃয়েও প্ৰজোযক হিচাপে কাম কৰিছে।