
ট্রেভেল এজেঞ্চীৰ নামত ধন লুটি ৰঙাঘৰৰ আলহী হ’ল এজন
গুৱাহাটী মহানগৰীত দিনে দিনে বৃদ্ধি পাইছে অপৰাধ জনিত বিভিন্ন ঘটনা |
এইবাৰ ট্রেভেল এজেঞ্চীৰ নামত প্রতাৰণা কৰি গ্রেপ্তাৰ হ’ল এজন ব্যক্তি |
জানিব পৰা মতে অংশুমান পাল নামৰ যুৱকজনে ব্ৰিটেইন লৈ যাব বিচৰা এজন লোকৰ পৰা সৰকাইছিল ধন |
লোকজনৰ পৰা VISA আৰু বিমানৰ টিকটৰ নাম ১ লাখ ৮০ হাজাৰ টকা লৈছিল অংশুমানে |
চলিত মাহৰ ১ তাৰিখে ধন জমা দিছিল ভুক্তভোগীজনে| অংশুমানৰ বিৰুদ্ধে পূৰ্বেও বহু লোকক প্রবঞ্চনা কৰাৰ অভিযোগ উত্থাপন হৈছে |
ঘটনাৰ সন্দৰ্ভত চানমাৰি আৰক্ষীয়ে অংশুমানক ইতিমধ্যে গ্রেপ্তাৰ কৰিছে |
অংশুমান পল্টন বজাৰস্থিত VISA ছাৰ্ভিচ এণ্ড ডিছক’ভাৰী টুৰ এণ্ড ট্রেভেলছৰ স্বত্বাধিকাৰী বুলি জানিব পৰা গৈছে |