24 C
Guwahati
Tuesday, September 27, 2022
More

    ২৪ ঘণ্টাত দেশত প্ৰায় ১৯ হাজাৰ কৰ’ণাত আক্ৰান্ত, কেন্দ্ৰৰ সতৰ্কবাণী এই সাতখন ৰাজ্যক

    ভাৰতত অব্যাহত আছে কৰ’ণাৰ সংহাৰ। সংক্ৰমণৰ গতিবেগে কেন্দ্ৰীয় চৰকাৰৰ উদ্বেগ বৃদ্ধি কৰিছে। স্বাস্থ্যকৰ্মীসকলক সমগ্ৰ পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ কোৱা হৈছে। ইয়াৰ লগতে সংক্ৰমণৰ সৈতে মোকাবিলা কৰিবলৈ যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ কোৱা হৈছে।

    চৰকাৰী তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত নতুনকৈ ১৮,৭৩৮ জন কৰ’ণা সংক্ৰমণ পঞ্জীয়ন হৈছে, যাৰ বাবে দেশত সক্ৰিয় কৰ’ণা ৰোগীৰ সংখ্যা ১,৩৪,৯৩৩ জনলৈ বৃদ্ধি পাইছে।

    আনহাতে যোৱা ২৪ ঘণ্টাত ১৮,৫৫৮ গৰাকী সুস্থ হোৱাৰ বাবে কৰ’ণাক পৰাস্ত কৰা লোকৰ সংখ্যা ৪,৩৪,৮৪,১১০জনলৈ বৃদ্ধি পাইছে৷

    ইফালে দেশজোৰা টিকাকৰণ অভিযানৰ অধীনত এতিয়ালৈকে ২০৬.২১ কোটি মুঠ ভেকচিন ড’জ (৯৩.৫৫ কোটি দ্বিতীয় ড’জ আৰু ১০.৫৯ কোটি সতৰ্কতামূলক ড’জ) দিয়া হৈছে।

    যোৱা ২৪ ঘণ্টাত ২৯,৫৮,৬১৭ টা ড’জ দিয়া হৈছে।

    বৰ্তমান দেশত সক্ৰিয় ৰোগীৰ সংখ্যা ০.৩১ শতাংশ। আনহাতে আৰোগ্যৰ হাৰ ৯৮.৫০ শতাংশ।

    একে সময়তে দৈনিক পজিটিভিটিৰ হাৰ ৫.০২ শতাংশ আৰু সাপ্তাহিক পজিটিভিটিৰ হাৰ ৪.৬৩ শতাংশ। যোৱা ২৪ ঘণ্টাত ৩,৭২,৯১০ টা কৰ’ণা টেষ্ট কৰা হৈছে।

    আনহাতে দিল্লী, কেৰালা, মহাৰাষ্ট্ৰ, ওড়িশা, তামিলনাডু, তেলেংগানা আৰু কৰ্ণাটকত কৰ’ণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। স্বাস্থ্য মন্ত্ৰনালয়ে এই সাতখন ৰাজ্যলৈ এখন পত্ৰ লিখি উদ্বেগ প্ৰকাশ কৰি সতৰ্ক কৰি দিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং