গুৱাহাটীত মৰ্মান্তিক পথ দুৰ্ঘটনা; সেনাৰ গাড়ীৰ খুন্দাত মৃত্যু এগৰাকী মহিলাৰ

0
123
প্ৰতিনিধিত্বমূলক চিত্ৰ

শনিবাৰে গুৱাহাটীত সংঘটিত হৈছে এটা মৰ্মান্তিক পথ দুৰ্ঘটনা। সেনাবাহিনীৰ ট্ৰাকৰ খুন্দাত এগৰাকী মহিলাৰ থিতাতে মৃত্যু হয়।

লাভ কৰা খবৰ অনুসৰি ১২ডি১৮৭৪৮৯ নম্বৰৰ পঞ্জীয়ন নম্বৰৰ ট্ৰাকখন জালুকবাৰীৰ পৰা খানাপাৰা অভিমুখে গৈ থকা অৱস্থাত লালমাটিত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।

মৃত মহিলাগৰাকীৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই যদিও মহিলাগৰাকীৰ বয়স প্ৰায় ৫০ বছৰীয়া হ’ব বুলি সন্দেহ কৰা হৈছে। মহিলাগৰাকীয়ে পেলনীয়া সামগ্ৰী কঢ়িওৱাৰ কাম কৰে বুলি জানিব পৰা গৈছে।

ইফালে বশিষ্ঠ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ গাড়ীখন জব্দ কৰে।

মৃত মহিলাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।