27 C
Guwahati
Thursday, September 29, 2022
More

    ছুটীত ঘৰলৈ অহা সেনা জোৱানক গুলীয়াই হত্যা দুৰ্বৃত্তৰ

    পাটনাৰ কংকৰবাগত বৃহস্পতিবাৰে পুৱা এগৰাকী সেনা জোৱানক কোনো দুষ্কৃতিকাৰীয়ে গুলীয়াই হত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জনবহুল অঞ্চলত সংঘটিত হৈছে এই ঘটনাটো।

    স্থানীয় প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি, হত্যাৰ বলি হোৱা সেনা জোৱান বাবলু কুমাৰ পাটনাৰ কুম্হৰাৰ অঞ্চলৰ বাসিন্দা আছিল। তেওঁ অৰুণাচলত নিয়োজিত হৈ আছিল আৰু ছুটী লৈ নিজ গৃহলৈ আহিছিল।

    বৃহস্পতিবাৰে পুৱা তেওঁ নিজৰ ভায়েকৰ সৈতে বাইকেৰে পাটলীপুত্ৰ ষ্টেচনলৈ গৈ আছিল। এই সময়তে বাইকত অহা দুজন যুৱকে তেওঁলোকক ৰখাই পাটনা জংচনৰ ঠিকনা বিচাৰে। জোৱানজনে ৰৈ দিয়াৰ লগে লগে দুৰ্বৃত্ত দুজনে মূৰত গুলীয়াই।

    গুলীত আঘাত পোৱাৰ বাবে তেওঁৰ থিতাতে মৃত্যু হয়।

    আৰক্ষীৰ মতে, বাবলুক গুলীয়াই হত্যা কৰাৰ পিছত তেওঁৰ ভায়েককো গুলীয়াই হত্যা কৰিব বিচাৰিছিল যদিও তেওঁ ঘটনাস্থলৰ পৰা পলাই যাবলৈ সক্ষম হয়।

    পাটনাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মানৱজিৎ সিং ধিল্লনে সমগ্ৰ ঘটনাৰ বিষয়ে জানিব দি হত্যাকাৰীক চিনাক্ত কৰিবলৈ চিচি টিভি ফুটেজৰ সহায় লোৱা হৈছে বুলি জনায়।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং