স্থানীয় বিষয়াএগৰাকীয়ে জনোৱা অনুসৰি জম্মু-কাশ্মীৰৰ ৰাজোৰী জিলাত LoCৰ সমীপত পাকিস্তানী সেনাৰ গুলীয়াগুলীত শুকুৰবাৰে সেনাৰ এজন জোৱান শ্বহীদ হয়। ভাৰতীয় সেনাকেইজন নোছেৰা ছেক্টৰৰ কলছিয়া গাঁৱৰ এটা অগ্ৰিম ছাউনীৰ দায়িত্বত আছিল। অপ্ৰৰোচিতভাৱে পাকিস্তানী সেনাই লক্ষ্য কৰে ভাৰতীয় সেনাক।
জোৱানজনক ততালিকো সৈনিক হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও কৰুণ মৃত্যুক সাৱটে জোৱানজনে। ভাৰতীয় সেনাই পাকিস্তানী সেনাৰ গুলীয়াগুলীৰ প্ৰত্যুত্তৰ দিয়ে যদিও পাকিস্তানৰ তৰফৰ পৰা হতাহতৰ কোনো খবৰ পোৱা নগ’ল।
ইয়াৰ পূৰ্বে ২১ আগষ্টতো জম্মু-কাশ্মীৰৰ বাৰামুলাত বুধবাৰে হোৱা গুলীয়াগুলীত এটা সন্ত্ৰাসবাদী নিহত। এই এনকাউণ্টাৰত এগৰাকী বিশেষ আৰক্ষী বিষয়া (SPO) বিলাল আহমেদো ছহীদ হৈছিল। ইফালে পুঞ্চত মঙলবাৰে LoCৰ সমীপত পাকিস্তানী সেনাই অগ্ৰিম ছাউনীত লক্ষ্য কৰি চলোৱা গুলীয়াগুলীত এগৰাকী সেনা জোৱান ছহীদ হৈছিল। জোৱানজনৰ নাম নায়ক ৰবি ৰঞ্জন কুমাৰ সিং।
১৭ আগষ্টত ৰাজোৰীত নোছেৰা ছেক্টৰত পাকিস্তানে চলোৱা গুলীগুলীত দেহৰাডুন নিবাসী লেঞ্চ নায়ক সন্দীপ থাপা ছহীদ হৈছিল।
Guwahati | Edited by: Dulu Medhi