ৰহস্য! সেনাৰ শীৰ্ষ ৬ বিষয়াসহ হঠাতে মাজ আকাশত সন্ধানহীন হেলিকপ্টাৰ

0
151

ৰহস্য! সেনাৰ শীৰ্ষ ৬ বিষয়াসহ হঠাতে মাজ আকাশত সন্ধানহীন হেলিকপ্টাৰ। সন্ধানহীন হোৱাৰ সময়ত হেলিকপ্টাৰ খনত আছিল ৬ গৰাকীকৈ শীৰ্ষ বিষয়া।

এই ঘটনা ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তানৰ। পাকিস্তানী সেনাৰ এখন হেলিকপ্টাৰ সন্ধানহীন হৈ পৰিছে মাজ আকাশতে। ছয়জন জ্যেষ্ঠ সেনা বিষয়া হেলিকপ্টাৰ খনত আছিল।

হেলিকপ্টাৰখনে বেলুচিস্তানত বান সাহায্য অভিযান নিৰীক্ষণ কৰি আছিল। সেই সময়তেই হঠাতে সংযোগ বিচ্ছিন্ন হৈ পৰে আৰু সন্ধানহীন হৈ পৰে।

আনহাতে পাকিস্তানী সেনাৰ মিডিয়া শাখাই জনাই যে হেলিকপ্টাৰখনত কৰ্পছ কমাণ্ডাৰ জেনেৰেল চৰফৰাজ আলী আৰু আন পাঁচজন জ্যেষ্ঠ সামৰিক বিষয়া আছিল। তেওঁলোকে বেলুচিস্তানত চলি থকা বান সাহায্য অভিযান নিৰীক্ষণ কৰি আছিল।

আই এছ পি আৰৰ এটা টুইটত কোৱা হৈছে, “বেলুচিস্তানৰ লাচবেলাত বান সাহায্যত নিয়োজিত পাকিস্তানী সেনাৰ বিমান হেলিকপ্টাৰৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ পৰে। বৰ্তমানে অনুসন্ধান অভিযান চলি আছে। ‘

পাকিস্তানী সংবাদ মাধ্যমৰ পৰা পোৱা তথ্য অনুসৰি, হেলিকপ্টাৰৰ সৈতে সংযোগ বিচ্ছিন্ন হোৱাৰ কেইবাঘণ্টা পাৰ হৈ গৈছে , কিন্তু হেলিকপ্টাৰ সন্দৰ্ভত কতো কোনো তথ্য লাভ কৰা নাই।