31 C
Guwahati
Thursday, September 29, 2022
More

    দেশৰ হকে প্ৰাণ দিয়া ভাৰতীয় সেনাৰ কুকুৰ ‘এক্সেল’ক মৰণোত্তৰভাৱে বীৰত্ব বঁটা

    দেশৰ হকে প্ৰাণ দিয়া ভাৰতীয় সেনাৰ কুকুৰ ‘এক্সেল’ক মৰণোত্তৰভাৱে বীৰত্ব বঁটা। স্বাধীনতাৰ ৭৫ তম বাৰ্ষিকী উপলক্ষে ভাৰতীয় সেনাৰ কুকুৰ ‘এক্সেল’ক মৰণোত্তৰভাৱে বীৰত্ব বঁটা প্ৰদান কৰা হয়।

    জুলাইত জম্মু আৰু কাশ্মীৰৰ বাৰামুলা জিলাত এক উগ্ৰবাদ বিৰোধী অভিযানত এক্সেলক গুলীয়াই হত্যা কৰা হৈছিল। স্বাধীনতা দিৱসত বীৰত্ব বঁটা প্ৰদান কৰা হৈছে এক্সেলক।

    ৩০ জুলাইত সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ সময়ত এক্সেলৰ বয়স দুবছৰ আছিল, সেই সময়তেই দেশৰ বাবে প্ৰাণ ত্যাগ কৰিছিল এক্সেলে।

    মৃত্যুৰ পূৰ্বে, এক্সেলে নিৰাপত্তা বাহিনীক সন্ত্ৰাসবাদী এজনক বিচাৰি উলিওৱাত সহায় কৰি দিছিল। পিছত বাৰামুলাৰ ক্ৰেৰিৰ ৱানিগাম বালা অঞ্চলত আঠ ঘণ্টা ধৰি চলি থকা এক সংঘৰ্ষত নিৰাপত্তাৰক্ষীয়ে উগ্ৰপন্থীজনক হত্যা কৰে।

    ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত সশস্ত্ৰ বাহিনী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ কৰ্মীসকলক ১০৭ টা বীৰত্ব বঁটা অনুমোদন জনাইছিল। সেই তালিকাই নাম আছিল সেনাৰ এই অমাত বীৰ জীৱ কুকুৰ এক্সেলৰো।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং