26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    বিহালীত এঘৰৰ পূজা স্থলীৰ পৰা উদ্ধাৰ মাৰণাস্ত্ৰ, আটক‌ ৩ জন

    বিহালীত এঘৰৰ পূজা স্থলীৰ পৰা উদ্ধাৰ মাৰণাস্ত্ৰ, আটক‌ ৩ জন

    বিহালী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কমল বড়োৰ নেতৃত্বত এটা আৰক্ষীৰ দলে এক গোপন সুত্ৰৰ পমখেদি বিহালীৰ বটীয়ামাৰীৰ নিত্য ঢাকাল(৪৪)ৰ বাসগৃহৰ পূজাস্থলীৰ পৰা উদ্ধাৰ কৰে দুটাকৈ নাইন এম•এম পিস্তলসহ ১১ জাঁই সজীৱ গুলী ৷

    আনহাতে ,মাৰাণাস্ত্ৰ উদ্ধাৰ হোৱা ঘটনাৰ লগত জড়িত আন দুজন যুৱকক ক্ৰমে বটীয়ামাৰীৰ উত্তম” ঢাকাল(৪০)ৰাংছালী গোপচাৰৰ ৰাজু ওৰাং(২০)ক আটক কৰে৷

    ধৃত তিনি যুৱকে কি কাৰণ মাৰাণাস্ত্ৰ মজুত কৰিছিল সেই সম্পৰ্কত বৰ্তমানলৈকে বিহালী আৰক্ষীয়ে কোনো তথ্য সদৰি কৰা নাই৷

    উল্লেখ্য যে, বিগত দুমাহৰ পূৰ্বে, অৰুণাচলৰ পৰা ক্ৰয় কৰিছিল পিস্তল দুটাসহ সজীৱ গুলী৷ স্মৰ্তৱ্য যে, ধৃত যুৱককেইজন কোনো উগ্ৰপন্থীৰে জড়িত থকাৰ সম্ভাৱনা থাকিব পাৰে বুলি সুত্ৰত প্ৰকাশ৷

    ইনপুট: ছয়নিকা ডেকা

    আৰু পঢ়ক : এখন গাঁৱৰ পৰা চুৰি হ’ল ৮০০ কিলো গোবৰ, প্ৰতি কিলোৰ দাম…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং