আপুনিও গোৰোহা ফটা সমস্যাৰ সন্মুখীন হৈছে নেকি

0
279

আপুনিও গোৰোহা ফটা সমস্যাৰ সন্মুখীন হৈছে নেকি

গোৰোহা ফটা সমস্যাটো এক শীতৰ প্রভাৱ, এই সমস্যাত প্ৰায় সংখ্যক লোকেই আক্ৰান্ত৷ অৱশ্যে এই সমস্যাটো কেতিয়াবা বংশগত কাৰণেও হোৱা দেখা যায়৷

গোৰোহা ফটা সমস্যাটো সমাধান কৰিবলৈ নিয়মীয়াকৈ আপুনি আপোনাৰ ছালৰ যতন ল’ব লাগে৷

ইয়াৰ কাৰণে কুহুমীয়া গৰম পানীত অলপ নিমখ আৰু ছেম্পু দি ভালদৰে ধুব লাগে৷ ভৰি ধুওঁতে পিউমিচ ষ্টোনেৰে ঘঁহিব লাগে, পিছত তিনি মিনিটৰ ভিতৰত মইশ্বাৰাইজাৰ লগাব লাগে৷

হিলমেট আদি লগাব পাৰে৷ ইয়াৰ বাবে লিকুইড, হোৱাইল পেট্রোলিয়াম, লেকটিক এচিড, ইউৰিয়া, গ্লাইক’লিক এচিড, চেলিচাইলিক এচিড আদিযুক্ত ক্রীম ব্যৱহাৰ কৰিব পাৰে৷

কেতিয়াবা ভৰি ফটা সমস্যাটোৰ লগত ড্রাই একজিমা, প্লেণ্টাৰকেৰাট ড্রার্মা, ছৰিয়াছিছ আদি দৰে ছালৰ বেমাৰৰ লগত যদি আপুনি বাৰে বাৰে জড়িত হৈ থাকে ইয়াৰ বাবে আপুনি চিকিৎসকৰ পৰামর্শ নিশ্চয় গ্রহণ কৰক।