পুৰাতত্ব বিভাগৰ হাতত লাগিল সোণ-ৰূপ-তামৰ ভাণ্ডৰ, কিন্তু ভালদৰে পৰীক্ষাত ধৰা পৰে কংকালো আছে তাত…১৩০০ বছৰ পুৰণি

0
1069

পুৰাতত্ব বিভাগৰ হাতত লাগিল সোণ-ৰূপ-তামৰ ভাণ্ডৰ, কিন্তু ভালদৰে পৰীক্ষাত ধৰা পৰে কংকালো আছে তাত…১৩০০ বছৰ পুৰণি

১৩০০ বছৰ পুৰণি এক সোণ-ৰূপ-তামৰ ভাণ্ডাৰ লাগিল পুৰাতত্ব বিদৰ হাতত। মাটিৰ বহু গভীৰত পুতি থোৱা অৱস্থাত উদ্ধাৰ এই ভাণ্ডাৰ। য’ত কেৱল আ-অলংকাৰেই নহয়, তৰোৱাল আৰু ভাল ভাল কাপোৰ আদিয়ো উদ্ধাৰ।

পাছে ভালদৰে সকলো পৰীক্ষা নিৰিক্ষা কৰোতে ধৰা পৰে সেই সামগ্ৰীৰ লগতে আছে মৃতদেহৰ অৱশেষো। যি দেখি আচৰিত হৈ পৰিছে সকলো। এই কংকাত আৰু ভাণ্ডাৰ উদ্ধাৰ হৈছে দক্ষিণ আমেৰিকাৰ পেৰুৰ ৰাজধানী লীমাৰ পৰা কিছু আঁতৰত।

পোলেণ্ড বিশ্ববিদ্যালয়ৰ পুৰাতত্ব বিভাগে চলোৱা খনন কাৰ্যত এই সোণৰ ভাণ্ডাৰৰ লগতে কংকাল উদ্ধাৰ হয়। মুঠ ৭ লোকৰ অৱশেষ উদ্ধাৰ হয় সেই ঠাইত। পুৰাতত্ব বিভাগে এই মৃতদেহৰ অৱশেষ বাৰী সভ্যতাৰ বুলি ঠাৱৰ কৰিছে। যি আজিৰ পৰা বহু হাজাৰ বছৰ পুৰণি।

কবৰত কংকালৰ লগতে উদ্ধাৰ বহু সোণ-ৰূপ-তামৰ অলংকাৰ, তামৰ অস্ত্ৰ, তৰোৱাল, ধৰাল অস্ত্ৰ, কুঠাৰ, ঊণৰ কাপোৰ, কাঠ আৰু চামৰাৰে তৈয়াৰী বহু প্ৰাচীন সামগ্ৰীয়ো সেই কবৰত উদ্ধাৰ।

চলিত বৰ্ষৰ বাহিৰে ২০১২ চনতো এনেদৰে ৰাণীৰ কবৰ উদ্ধাৰ হৈছিল। য’ত ৰাণীৰ লগতে ৰাণীৰ দাসী আৰু বহু সামগ্ৰী উদ্ধাৰ হৈছিল।