16 C
Guwahati
Friday, December 3, 2021
More

    এ আৰ ৰহমানৰ কন্যাৰ কণ্ঠ শুনিছেনে…পিতৃয়ে শ্বেয়াৰ কৰিলে কন্যাৰ এক অনুষ্ঠানৰ সংগীত পৰিৱেশন কৰা ভিডিঅ, যি সকলোতে ভাইৰেল

    এ আৰ ৰহমানৰ কন্যাৰ কণ্ঠ শুনিছেনে…পিতৃয়ে শ্বেয়াৰ কৰিলে কন্যাৰ এক অনুষ্ঠানৰ সংগীত পৰিৱেশন কৰা ভিডিঅ, যি সকলোতে ভাইৰেল

    ভাৰতৰ সংগীত জগতৰ অন্যতম তাৰকা এ আৰ ৰহমান। তেখেতৰ সংগীত শুনিলে সকলোৱে যান দুখ ভাগৰ পাহৰি পেলাই অলপ সময়ৰ বাবে হলেও। সেই এ আৰ ৰহমানৰেই কন্যা এক সংগীত অনুষ্ঠানৰ ভিডিঅ ভাইৰেল হৈ পৰিছে। যি শুনি সকলোৱে একেমুখে কৈছে- বাপেক চাই জীয়েক।

    পিতৃ এ আৰ ৰহমানে নিজেই শ্বেয়াৰ কৰিছে কন্যৰ এক সংগীত অনুষ্ঠানৰ ভিডিঅ। য’ত কন্যা খাতিজাই অতি সুন্দৰ ভাৱে পিতৃৰ সংগীত পৰিচালনা কৰা এক গীত পৰিৱেশন কৰিছে। যি গীত শুনি হাজাৰ জনে বাহ বা দিছে।

    খাতিজাই ডুবাইত অনুষ্ঠিত হোৱা এক এক্সপো অনুষ্ঠানত গীত পৰিৱেশন কৰিছে। নিজৰ সুমধুৰ কণ্ঠেৰে হাজাৰ জনক একপ্ৰকাৰ চাৰপ্ৰাইজ দিছে খাতিজাই। ২৪ বৰ্ষীয় খাতিজাৰ সেই সংগীত ভিডিঅ দ্ৰুত গতিত বাইৰেল হৈ পৰিছে।

    ২০ নৱেম্বৰ বিশ্ব শিশু দিৱস উপলক্ষে খাতিজাই ডুবাইত সংগীত পৰিৱেশণ কৰিছিল। এয়া আছিল খাতিজাৰ প্ৰথমটো অকলশৰে গোৱা কোনো ডাঙৰ অনুষ্ঠান।

    আৰু পঢ়ক : ‘APSC-ACS পৰীক্ষা আৰু অসমীয়া প্ৰশ্ন কাকত’- বহিৰাগতক ৰঙা দলিছা পৰি দিয়া বুলি প্ৰতিবাদত উত্তাল অসম

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং