কংগ্ৰেছৰ গণ সমাবেশ-পাঁচ হাজাৰৰো অধিক কংগ্ৰেছ কৰ্মী অংশগ্ৰহণ

0
4422
কংগ্ৰেছৰ গণ সমাবেশ-পাঁচ হাজাৰৰো অধিক কংগ্ৰেছ কৰ্মী অংশগ্ৰহণ

কংগ্ৰেছৰ গণ সমাবেশ-পাঁচ হাজাৰৰো অধিক কংগ্ৰেছ কৰ্মীৰ অংশগ্ৰহণ। আজি আমগুৰিত কংগ্ৰেছৰ “জাগে অসম” শীৰ্ষক এক গণ সমাবেশৰ আয়োজন কৰা হৈছিল। তাতেই এইদৰে বহু সংখ্যক লোকে যোগদান কৰে।

বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই ৰাজ্যৰ প্ৰতিটো সমষ্টিতে ন-পুৰণি সকলোবোৰ ৰাজনৈতিক দলৰে তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । আজি আমগুৰিতো তাৰেই কিয়দাংশ দেখিবলৈ পোৱা যায়।

৭ ফেবিৰুৱাৰী দেওবাৰৰ দিনটোতে আমগুৰিৰ আউনীআটীয় হেমচন্দ্ৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে “জাগে অসম” শীৰ্ষক এক গণ সমাবেশৰ আয়োজন কৰে।

প্ৰায় ৫ হাজাৰৰ অধিক কংগ্ৰেছী কৰ্মীৰ সোমাবেশৰে অনুষ্ঠিত এই অনুষ্ঠানত দলৰ ছট্টিশগড় ৰাজ্যৰ মুখ্যমন্ত্ৰী ভূপেশ ৱাঘেল, সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং, দলৰ জ্যৈষ্ঠ নেতা ৰিপুন বৰা, প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন উপস্থিত থাকে |

Input and Photo Credit: Ziaruddin Ahmed

আৰু পঢ়ক : আৰু মাত্ৰ ৩মাহ, আমাৰ মিত্ৰজোঁটৰ চৰকাৰ হ’ব, প্ৰতি জিলাতে বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় হ’ব-বদৰুদ্দিন আজমলৰ