21 C
Guwahati
Sunday, April 11, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    আজি হিমা দাসক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰদান কৰিব উপ আৰক্ষী অধীক্ষকৰ নিযুক্তি পত্ৰ

    আজি ২৬ ফেব্ৰুৱাৰী তাৰিখে পুৱা ১০ বজাত ধিং এক্সপ্ৰেছ খ্যাত অসম গৌৰৱ হিমা দাসে আনুষ্ঠানিক ভাৱে লাভ কৰিব উপ আৰক্ষী অধীক্ষকৰ নিযুক্তি পত্ৰ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰিব নিযুক্তি পত্ৰ।

    কেৱল হিমা দাসকে নহয় মুঠ ৫৯৭ গৰাকী লোকক প্ৰদান কৰা হব আনুষ্ঠানিক ভাৱে নিযুক্তি পত্ৰ। পদ সমূহ হৈছে উপ পৰিদৰ্শক।

    গুৱাহাটী মহানগৰৰ স্থিত কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈ ইণ্ডৰ ষ্টেডিয়ামত অনুষ্ঠিত হব এই অনুষ্ঠান। য’ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰি নিযুক্তি পত্ৰ সমূহ প্ৰদান কৰিব।

    আৰু পঢ়ক : ২৬ ফেব্ৰুৱাৰী- একেদিনাই ভাৰত বন্ধ আৰু চকা বন্ধৰ ঘোষণা, ব্যৱসায়িক সংস্থাৰ লগতে অজাপৰো সমৰ্থন

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং