
ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ এপল’ মিল কৰ্মচাৰীৰ, আৱদ্ধ বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী
শুকুৰবাৰে ৰঙিয়াৰ তুলসীবাৰীত এপল’ মিল কৰ্মচাৰী আৰু সহস্ৰাধিক ৰাইজে ভি আৰ এছৰ টকা মোকলাই দিয়াৰ দাবীত ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে।
প্ৰতিবাদকাৰী সকলে ৰঙিয়া সমষ্টিৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতা মুৰ্দাবাদ ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে।
চৰকাৰে বাজেট অধিবেশনত এসময়ৰ অসমৰ ভিতৰতে ৰাজহুৱা খণ্ডৰ বৃহৎ বস্ত্ৰ উদ্যোগ এপল’ মিলৰ কৰ্মচাৰীক ভি আৰ এছ মোকলাই দিয়াৰ সিদ্ধান্ত লোৱাৰ পিছতো ৰঙিয়াৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাৰ বাবে ভি আৰ এছৰ টকা লাভ নকৰাৰ অভিযোগ এপ’ল কৰ্মচাৰীৰ।
যাৰ বাবে মন্ত্ৰী ভৱেশ কলিতাৰ বিৰুদ্ধে এইদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে মিল কৰ্মচাৰী তথা সহস্ৰাধিক ৰাইজে।
ইফালে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিব বুলি আশংকা প্ৰকাশ কৰি প্ৰতিবাদস্থলীত ব্যাপক হাৰত আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী মোতায়েন কৰা হৈছে।
জানিব পৰা মতে আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ ফলত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী আৰু তেওঁৰ কনভয়ৰ লগতে শ-শ যান বাহন আৱদ্ধ হৈ পৰিছে।
কেইবা ঘন্টা ধৰি পথ অৱৰোধ কৰি ৰখা প্ৰতিবাদকাৰীসকলৰ দাবী চৰকাৰে মানি নোলোৱা পৰ্যন্ত পথ মোকলাই নিদিয়াৰ হুংকাৰ প্ৰদান কৰে।
তদুপৰি আগন্তুক বিধানসভা নিৰ্বাচনত ভোট বৰ্জনৰো হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীয়ে।
উল্লেখ্য যে বিগত চাৰি বছৰ ধৰি এই মিলটোৰ উৎপাদন বন্ধ হৈ আছে আৰু যাৰ বাবে ইয়াত কৰ্মৰত ৩৯৪ শ্ৰমিক-কৰ্মচাৰীয়ে তীব্ৰ আৰ্থিক সংকটত ভুগিব লগা হৈছে।
ইতিমধ্যে আৰ্থিক অভাৱ-অনাটনৰ বাবে কেইবাজনো কৰ্মচাৰীয়ে আত্মহত্যাৰ দৰে চৰম পথ বাছি ল’বলগীয়া হৈছিল।
এগৰাকী প্ৰতিবাদকাৰীয়ে অত্যন্ত ক্ষোভেৰে কয়, ‘এইসকল কৰ্মচাৰীৰ ভিতৰত কোনোবাই যদি দিন হাজিৰা কৰি কোনোমতে পৰিয়াল পোহপাল দিছে, তেন্তে আন কোনোবাই আকৌ হোটেলত বাচন-বৰ্তন ধুই পৰিয়াল চলাব লগীয়া হৈছে’।
প্ৰতিবাদ-আন্দোলন কৰাৰ পিছত চৰকাৰে আশ্বাস-প্ৰতিশ্ৰুতি দিয়ে ঠিকেই কিন্তু মিলটোহে কাৰ্য্যক্ষম নকৰে বুলি অভিোগ কৰে ক্ষুব্ধ কৰ্মচাৰীসকলে।
যদিহে এইসকল শ্ৰমিকৰ দাবী মানি নলয় তেন্তে মন্ত্ৰী ভৱেশ কলিতাৰ ঘৰত আত্মজাহ দিয়াৰ হুংকাৰ প্ৰদান কৰি ইয়াৰ বাবে চৰকাৰ জগৰীয়া হ’ব বুলি কয়।
আৰু পঢ়ক : ১৬ মাহৰ মূৰত বিদেশ ভ্ৰমণ কৰিবলৈ সাজু হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী