অসমত বিদ্যুৎ মাচুলৰ বৃদ্ধিৰ কাৰণ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ! এই অদ্ভুট যুক্তি ৰাজ্যৰ শক্তি মন্ত্ৰীৰ

0
85
বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটিলে ভূপেন বৰাই
প্ৰতিনিধিত্বমূলক চিত্ৰ

পুনৰ এবাৰ মূল্যবৃদ্ধিৰ মাধমাৰৰ সন্মুখীন হ’ব অসমবাসী। এইবাৰ অত্যাৱশ্যকীয় সামগ্ৰী নহয় বিদ্যুৎ মাচুল বৃদ্ধিৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে।

শক্তি বিভাগে প্ৰতি ইউনিট বিদ্যুৎ মাচুলৰ নামত এক ফেব্ৰুৱাৰিৰ পৰা প্ৰতি ইউনিটত ৫০ পইচাকৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

FPPAA-ৰ অধীনত প্ৰতি ইউনিটত ৫০ পইচাকৈ মূল্য বৃদ্ধি কৰা বুলি মন্তব্য কৰি শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোছাই সংবাদ মাধ্যমৰ আগত খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ অচিলা দেখুৱাই বিদ্যুত মাচুল বৃদ্ধি কৰা হৈছে বুলি মন্তব্য কৰে।

তেওঁ লগতে কয়, ‘আপোনালোকে জানে বৰ্তমান চলি আছে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ। গতিকে তাত প্ৰত্যক্ষ বা পৰোক্ষ্যভাৱে ইন্ধনৰ মূল্য বৃদ্ধি হ’লে আন দেশত ইয়াৰ প্ৰভাৱ পৰে’।

এইধৰণৰ অদ্ভুট মন্তব্যৰ বাবে এতিয়া ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে।

উল্লেখ্য যে বিগত ছমাহৰ ভিতৰত বিদ্যুত মাচুল প্ৰায় ১বৃদ্ধি হোৱাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনে ইতিমধ্যে তীব্ৰ প্ৰতিবাদ আৰম্ভ কৰিছে।

আজি সন্ধিয়া নলবাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাজ্য চৰকাৰৰ শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোছা আৰু ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিচ্ছবি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।