
মূল্যবৃদ্ধিয়ে কোঙা কৰা ৰাজ্যবাসীৰ বাবে আন এক বেয়া খবৰ। অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, ইন্ধনৰ পিছত এইবাৰ প্ৰতি ইউনিট বিদ্যুতৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড চমুকৈ এ পি ডি চি এল-এ।
খবৰ অনুসৰি, এ পি ডি চি এলে প্ৰতি ইউনিটত অতিৰিক্ত ০.৭৯ টকা বৃদ্ধিৰ সিদ্ধান্ত লৈছে। অৱশ্যে এই বৃদ্ধি তিনিমাহৰ বাবে কাৰ্যকৰী হ’ব বুলি এ পি ডি চি এলে এক জাননীৰ জৰিয়তে জনায়।
বৰ্ধিত হাৰ ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰিলৈকে কাৰ্যকৰী হৈ থাকিব।
এ পি ডি এলে জাননীত উল্লেখ কৰা অনুসৰি, ইন্ধন আৰু শক্তি ক্ৰয়ৰ খৰচ বহন কৰিবলৈয়ে মাচুল বদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰে।