শ্বেৰমান আলীক গ্ৰেপ্তাৰ প্ৰতিবাদত বন্ধ, ব্লক কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদকক বৰ্খাস্ত

0
1354
দেশত অত্যাধিক হাৰত বৃদ্ধি পেট্ৰ'ল-ডিজেলৰ মূল্য, কংগ্ৰেছৰ ১৫ দিনীয়া প্ৰতিবাদৰ ঘোষণা
প্ৰতিনিধিত্বমূলক চিত্ৰ

কোনোধৰণৰ দলীয় অনুমতি নোলোৱাকৈ বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলীক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত বন্ধ কাৰ্য্যসূচী আহ্বান জনোৱা বাবে বৰপেটা জিলাৰ বাঘবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মন্দিয়া ব্লক কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক(প্ৰ) ৰফিকুল ইছলামক অসম প্ৰদেশ কংগ্ৰেছৰ পৰা বৰ্খাস্ত কৰা হয়।

অসম কংগ্ৰেছ কমিটিয়ে দলৰ নীতি-নিয়ম ভংগ কৰাৰ অপৰাধত ৰফিকুল ইছলামক তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ বৰ্খাস্ত কৰাৰ নিৰ্দেশ দিয়ে।

কোনো ধৰণৰ অনুমতি নোলোৱাকৈ বিধায়ক শ্বেৰমান আলীক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত আজি আহ্বান কৰা বন্ধ কাৰ্য্যসূচীয়ে দলৰ ভৱমুৰ্তি বিনষ্ট কৰিছে বুলি কংগ্ৰেছে নিজৰ জাননীত উল্লেখ কৰে।

দলীয় শৃংখলা ভংগ কৰাৰ অপৰাধতে এনেধৰণৰ কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ল বুলি উল্লেখ কৰা হয়।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক(প্ৰশাসন) অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যৰ স্বাক্ষৰ সম্বলিত নিলম্বন পত্ৰখন এপিচিচিৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙলৈয়ো প্ৰেৰণ কৰা হয়।

উল্লেখযোগ্য যে, শ্বহীদকলৈ কৰা বিতৰ্কিত মন্তব্যৰ বাবে বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলীক কালি দিছপুৰ আৰক্ষীয়ে বিধায়ক আৱাসৰ পৰা গ্ৰেপ্তাৰকৰিছিল।

আৰু পঢ়ক : শ্বেৰমান আলি গ্ৰেপ্তাৰৰ পিছতেই কংগ্ৰেছ বিধায়নী দলৰ বৈঠক, কি সিদ্ধান্ত ল’লে দলে ?