ছ’চিয়েল মিডিয়াত ৰাষ্ট্ৰীয় সংগীত আৰু জাতিৰ পিতাক অপমান কৰা যুৱকৰ বিৰুদ্ধে এজাহাৰ দাখিল এপিচিচিৰ

0
307
ৰাষ্ট্ৰীয় সংগীত আৰু জাতিৰ পিতাক অপমান কৰা যুৱকৰ বিৰুদ্ধে এজাহাৰ দাখিল
ফটো সৌজন্য-ইণ্টাৰনেট

ছ’চিয়েল মিডিয়াত ৰাষ্ট্ৰীয় সংগীত আৰু জাতিৰ পিতাক অপমান কৰা যুৱকৰ বিৰুদ্ধে এজাহাৰ দাখিল এপিচিচিৰ

ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত আৰু জাতিৰ পিতা মহাত্মা গান্ধীক সামাজিক মাধ্যমত এজন যুৱকে অপমান কৰাৰ অভিযোগত আৰক্ষীৰ ওচৰ চাপিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটি।

ফেইচবুকত আংচ কাইদ পাঠক নামৰ একাউণ্ট থকা যুৱকজনৰ বিৰু্দ্ধে ৰাষ্ট্ৰীয় সংগীত আৰু জাতিৰ পিতাক অপমান কৰাৰ অভিযোগত পানবজাৰ থানাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ছ’চিয়েল মিডিয়া বিভাগে এজাহাৰ দাখিল কৰে।

১৫ আগষ্টত আংচ কাইদ পাঠক নামৰ যুৱকজনে ফেইচবুক লাইভ যোগে মহাত্মা গান্ধী আৰু দেশৰ ৰাষ্ট্ৰীয় সংগীত সম্পৰ্কে বিৰূপ মন্তব্য প্ৰকাশ কৰিছিল।

যুৱকজনে ভিডিঅ’টোত ভাৰতীয় সংবিধানকো অপমান কৰিছিল।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ছ’চিয়েল মিডিয়া বিভাগে যুৱকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি যুৱকজন বিজেপিৰ কৰ্মকৰ্তা হোৱাৰ লগতে হিন্দু সেনাৰ সদস্য বুলি দাবী কৰে।

আৰু পঢ়ক :  ভাৰতীয় মাছমৰীয়াৰ নাওঁৰ ওপৰত শিলেৰে আক্ৰমণ শ্ৰীলংকাৰ নৌসেনাৰ