15 C
Guwahati
Thursday, January 20, 2022
More

    নাগালেণ্ডৰ এম্বুশ্বৰ ঘটনাক কঠোৰ ভাষাৰে গৰিহণা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ, চৰকাৰক সত্য তথ্য ৰাজহুৱা কৰাৰ দাবী

    নাগালেণ্ডৰ মন জিলাত শ্ৰমিকৰ এটা দলৰ ওপৰত এম্বুশ্ব কৰি ১৩ জন শ্ৰমিকক হত্যা কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে।

    এই ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই এই পাশৱিকতা কোনো কাৰণতে গ্ৰহণযোগ্য নহয় আৰু ই ক্ষমাৰ অযোগ্য বুলি কয়।

    বৰাই নিহত সকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে হত্যাকাণ্ডত জড়িত সকলৰ ওপৰত কঠোৰতম শাস্তি গ্ৰহণ কৰিবলৈ কেন্দ্ৰ চৰকাৰক আহ্বান জনায়।

    ইপিনে, এই এম্বুশ্বৰ ঘটনাৰ সমস্ত সথ্য সত্য ৰূপত কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে ৰাইজক দেখুৱাবলৈ সাহস দেখুৱাওক বুলিও সভাপতি ভূপেন বৰাই কয়।

    নাগালেণ্ডৰ ঘটনাই বিজেপি চৰকাৰৰ শাসনত সাধাৰণ মানুহৰ জীয়াই থকাৰ অধিকাৰো কাঢ়ি নিয়াটো প্ৰমাণিত কৰিছে বুলি ভূপেন বৰাই লগতে উল্লেখ কৰে।

    আৰু পঢ়ক : অ’মিক্ৰণক লৈ ৰাজ্য চৰকাৰৰ প্ৰথমখন SOP প্ৰকাশ, কি কি নিৰ্দেশনা আছে SOP-ত?

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং