25 C
Guwahati
Thursday, May 19, 2022
More

    যিকোনো সময়ত বন্ধ কৰি দিয়া হ’ব পাৰে এনেধৰণৰ য়ুটিউব চেনেল আৰু ৱেবচাইট

    যিকোনো সময়ত বন্ধ কৰি দিয়া হ’ব পাৰে এনেধৰণৰ য়ুটিউব চেনেল আৰু ৱেবচাইট

    কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰণ মন্ত্ৰী অনুৰাগ ঠাকুৰে সোমবাৰে কিছুসংখ্যক ৱেবচাইট আৰু য়ুটিউব চেনেললৈ সাৱধানবাণী প্ৰেৰণ কৰে।

    “ভাৰতৰ বিৰু্দ্ধে ষড়যন্ত্ৰ ৰছনা কৰা আৰু মিছা অপবাদ সৃষ্টি কৰা যিকোনো ধৰণৰ ৱেবচাইট আৰু য়ুটিউব চেনেল বন্ধ কৰি দিয়া হ’ব,” য়ুটিউব চেনেল আৰু ৱেবচাইটলৈ সাৱধানবাণী প্ৰেৰণ কৰি এইদৰে কয় অনুৰাগ ঠাকুৰে।

    উল্লেখযোগ্য যে, ২০ ডিচেম্বৰত পাকিস্তানৰ দ্বাৰা আৰ্থিকভাৱে পৰিচালিত ২০ টা য়ুটিউব চেনেল ভাৰতৰ বিৰুদ্ধে মিছা তথ্য প্ৰকাশ কৰাৰ অভিযোগত দেশত বন্ধ কৰি দিয়া হৈছিল।

    “মই এনেবোৰ দায়িত্বজ্ঞানহীন য়ুটিউব চেনেলৰ বিৰুদ্ধে ব্যাৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিছিলো….মই সুখী….অন্য বহু দেশেও এতিয়া বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে,” কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰণ মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে এইদৰে কয়।

    ভাৰতৰ বিৰুদ্ধে কিছুসংখ্য য়ুটিউব চেনেল আৰু ৱেবচাইটে মিছা তথ্যৰ প্ৰচাৰ চলাই অহা বুলি প্ৰায়ে অভিযোগ উত্থাপন কৰি আহিছে দেশৰ কেন্দ্ৰীয় মন্ত্ৰ্যালয়ে।

    পূৰ্বৰে পৰা এনেবোৰ য়ুটিউব চেনেল আৰু ৱেবচাইটলৈ সাৱধানবাণী প্ৰেৰণ কৰি আহিছিল কেন্দ্ৰীয় চৰকাৰে।

    আৰু পঢ়ক : মঙলদৈৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ট্ৰেভেলাৰ দুৰ্ঘটনা, থিতাতে নিহত এজন

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং