32 C
Guwahati
Friday, October 15, 2021
More

    টাইম-৮ উত্তৰ প্ৰদেশৰ সম্পাদক ৰূপে দেশৰ জ্যেষ্ঠ সাংবাদিক অনুপ শ্ৰীবাস্তৱৰ দায়িত্ব গ্ৰহণ

    দেশৰ স্বনামধন্য জ্যেষ্ঠ সাংবাদিক তথা আগশাৰীৰ ৰাষ্ট্ৰীয় হিন্দী সংবাদ মাধ্যম আজটকৰ উত্তৰ প্ৰদেশৰ প্ৰাক্তন ব্যুৰো হেড শ্ৰী অনুপ শ্ৰীবাস্তৱে আজি টাইম-৮ উত্তৰপ্ৰদেশত যোগদান কৰে।

    জ্যেষ্ঠ সাংবাদিক শ্ৰী অনুপ শ্ৰীবাস্তৱে টাইম-৮ উত্তৰ প্ৰদেশৰ সম্পাদক হিচাপে আনুষ্ঠানিকভাৱে যোগদান কৰে।

    টাইম-৮ৰ মুখ্য কাৰ্য্যবাহী শ্ৰী ঋতুস্মিন শৰ্মা আৰু উপ-মুখ্য কাৰ্য্যবাহী জ্যোতিদ্বীপ বৈশ্যৰ পৰামৰ্শ অনুসৰিয়ে অনুপ শ্ৰীবাস্তৱক টাইম-৮ উত্তৰপ্ৰদেশৰ সম্পাদক হিচাপে দায়িত্ব অৰ্পনৰ সিদ্ধান্ত লোৱা হয় বুলি টাইম-৮ হিন্দী ডেক্সৰ পৰিচালন সম্পাদক মিহিৰ মিশ্ৰই এক বিজ্ঞপ্তিযোগে জানিবলৈ দিয়ে।

    সাংবাদিকতাৰ ক্ষেত্ৰখনত বহুবছৰৰ অভিজ্ঞতা সম্পন্ন অনুপ শ্ৰীবাস্তৱৰ যোগদানে টাইম-৮ উত্তৰ প্ৰদেশক অধিক শক্তিশালী আৰু জনসাধাৰণৰ মাজত গ্ৰহণযোগ্য কৰি তুলিব বুলি আশা কৰা হৈছে।

    আৰু পঢ়ক : নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰাৰ দাবীত আছুৰ বৃহৎ প্ৰতিবাদ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং