সামাজিক মাধ্যমত চৰকাৰ বিৰোধী মন্তব্য কৰি ৰোষত ৭০ উৰ্ধৰ লোক হৰেণ গগৈ, ১২ দিনে কাৰাগাৰত

0
80

সামাজিক মাধ্যমত চৰকাৰ বিৰোধী মন্তব্য কৰি ৰোষত ৭০ উৰ্ধৰ লোক হৰেণ গগৈ, ১২ দিনে কাৰাগাৰত। লখিমপুৰ জিলাৰ জিলা কাৰাগাৰত বৰ্তমানে জাতীয়তাবাদী মতাদৰ্শত প্ৰবল বিশ্বাসী হৰেণ গগৈ ।

সামাজিক মাধ্যমৰ যোগেদি চৰকাৰৰ লগতে চৰকাৰৰ কিছু সিদ্ধান্তৰ ওপৰত সমালোচনা কৰি আৰক্ষীৰ ৰোষত পৰিল লখিমপুৰৰ ঢকুৱাখনাৰ এগৰাকী বৰ্ষীয়ান লোক। কৰ্মজীৱী, দৰিদ্ৰ চহা আৰু জাতীয়তাবাদী মতাদৰ্শত অটল বিশ্বাসী ৭০ উৰ্ধৰ লোকজন হৰেণ গগৈ ।

লখিমপুৰৰ ঢকুৱাখনা মহকুমাৰ ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত দেউলিয়া পঞ্চায়তৰ আখৈফুটীয়া গাঁওৰ এইগৰাকী স্বাভিমানী বয়স্কই বিগত প্ৰায় ১২ দিন ধৰি দিন কটাইছে লখিমপুৰ জিলা কাৰাগাৰৰ কুঠৰীত ।

তেওঁৰ অপৰাধ হ’ল সামাজিক মাধ্যমৰ জৰিয়তে শাসনাধিষ্ঠিত চৰকাৰৰ কিছু পদক্ষেপ আৰু বিতৰ্কিত বিষয়ৰ ওপৰত সমালোচনা আৰু মন্তব্য। সাম্প্ৰতিক প্ৰেক্ষাপটত ৰজাঘৰীয়াই শুদ্ধ বুলি ভবা কিছু কিছু পদক্ষেপক জনবিৰোধী বুলি বিবেচনা কৰি সামাজিক মাধ্যমত মুকলি সমালোচনা কৰি এতিয়া জীৱনৰ বিয়লি বেলাত আলহী হ’ব লগা হৈছে ৰঙাঘৰৰ।

দিনৰ দিনটো হাতত দা, কোৰ লৈ খেতি খোলা কৰি পেটৰ ক্ষুধা নিবাৰণৰ নিৰন্তৰ সংগ্ৰামত জড়িত গগৈয়ে আজৰি পৰত নিজৰ ফেচবুক একাউণ্টৰ জৰিয়তে কিছু কিছু স্পৰ্শকাতৰ বিষয়ত নিজৰ মতামত দাঙি ধৰিছিল।

স্পৰ্শকাতৰ আৰু আইন বিৰুধী মতামত ৰাজহুৱা কৰাৰ বাবে অসম আৰক্ষীৰ দৃষ্টি কাঢ়া হৰেণ গগৈৰ বিৰুদ্ধে বহু কেইটা জামিনবিহীন ধাৰাত ৰুজু কৰা হয় গোচৰ।

উত্তৰ লখিমপুৰ সদৰ থানাত ৰুজু হোৱা গোচৰ (নং-২৬২/২০২২)ৰ ভাৰতীয় দণ্ডবিধি আইনৰ ১২০ (বি) / ১২১/১২১(এ), ইউ এ (পি) আইনৰ ১০/১৩/১৫/ ( ¡ )(এ)/ আই টি আইনৰ ৬৬(এফ) ধাৰাৰ অধীনত চহা ব্যক্তিজনক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মাত ৰখা হৈছে।

পৰিয়াল এৰি এতিয়া কাৰাৰুদ্ধ জীৱন অতিবাহিত কৰিবলগীয়া হোৱা গগৈৰ এনে দুৰ্দশাৰ পৰা পৰিত্ৰাণ দিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শৰ্মাৰ হস্তক্ষেপ কামনা কৰিছে হতভাগা পৰিয়ালটোৱে।

উল্লেখ্য যে, নামনি সোৱণশিৰি বৃহৎ নদীবান্ধ বিৰোধী গণতান্ত্ৰিক সংগ্ৰামৰ অগ্ৰণী যোদ্ধা গগৈয়ে এই সংক্ৰান্তীয় গোচৰৰ বাবে ইতিমধ্যে দুবাৰকৈ কাৰাবাস খাটিব লগা হৈছিল ।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ঢকুৱাখনা জিলা সমিতিৰ সভাপতি হিচাপে দায়িত্ব প্ৰাপ্ত গগৈৰ মুক্তিৰ বাবে আইনগত ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত আৰ্থিক নাটনিৰো সৃষ্টি হৈছে। হৰেণ গগৈৰ গ্ৰেপ্তাৰৰ তীব্ৰ বিৰোধিতাৰে বীনা চৰ্তে বৰ্ষীয়ান লোক জনক মুক্তিৰ দাবী জনাইছে বহু লোকে।

Input and Photo – Hassinur Alom