পুত্ৰৰ শোকত অসুস্থ হৈ মৃত্যুৰে যুঁজিছে “কা” আন্দোলনৰ শ্বহীদ ছেম ষ্টেফাৰ্ডৰ মাতৃ

২০১৯চনৰ ১২ডিচেম্বৰত ‘কা’ বিৰোধী আন্দোলনত হাতীগাওঁ এলেকাত আৰক্ষীৰ গুলীত নিহত হৈছিল ছেম

0
105

দিছপুৰ জিএনআৰচিত চিকিৎসাধীন “কা” আন্দোলনৰ শ্বহীদ ১৬বছৰীয়া ছেম ষ্টেফাৰ্ডৰ মাতৃ। মৃত্যুৰে যুঁজিছে ছেমৰ মাতৃ মামণি ষ্টেফাৰ্ডে। টুইটাৰ একাউণ্টৰ জৰিয়তে এই কথা সদৰি কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।

আছুৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰকাশ দাসৰ লগত সংগীত পৰিচালক অজয় ফুকন ৰাতিয়ে উপস্থিত হয় GNRCত আৰু স্বাস্থ্যৰ বুজ লয় ছেমৰ মাতৃৰ। চিকিৎসকৰ সতে স্বাস্থ্য সম্পৰ্কে আলোচনাটো মিলিত হয়। লগতে উন্নত চিকিৎসাৰ বাবে সকলো সু-ব্যৱস্থা কৰাৰ কথা অৱগত কৰে।

উল্লেখ্য যে, স্কুলীয়া ছাত্ৰ ছেম ষ্টেফাৰ্ড ২০১৯চনৰ ১২ডিচেম্বৰত ‘কা’ বিৰোধী আন্দোলনৰ সময়ত গুৱাহাটীৰ হাতীগাওঁ এলেকাত আৰক্ষীৰ গুলীত নিহত হৈছিল। লতাশিলত জুবিন গাৰ্গৰ সমাৱেশত অংশ লৈ উভতি অহাৰ সময়তে ঘৰৰ পদূলিত গুলীচালনাত ঢলি পৰিছিল কম বয়সীয়া ছেম।

Photo Credit: Time8