বন্ধুৰ সৈতে মন্দিৰলৈ যোৱা যুৱতীক দলবদ্ধ ধৰ্ষণ! কাঢ়ি নিলে মোবাইল

0
853

বন্ধুৰ সৈতে মন্দিৰলৈ যোৱা যুৱতীক দলবদ্ধ ধৰ্ষণ! কাঢ়ি নিলে মোবাইল

দিনে দিনে বৃদ্ধি পাইছে ধৰ্ষণৰ ঘটনা। মন্দিৰলৈ যোৱা যুৱতীক দলবদ্ধ ধৰ্ষণ।

জানিব পৰা মতে এগৰাকী যুৱতীয়ে তেওঁৰ এজন পুৰুষ বন্ধুৰ সৈতে অষ্টভোজ মন্দিৰ দৰ্শন কৰিবলৈ গৈছিল।

মন্দিৰ দৰ্শন কৰাৰ পিছত বন্ধুজনৰ সৈতে যুৱতী গৰাকীয়ে কথা পাতি আছিলে।

সেই সময়তে ৬ জন ল’ৰা উপস্থিত হৈ প্ৰথমতে যুৱতী আৰু তেওঁৰ বন্ধু জনক প্ৰহাৰ কৰে।

পিছত বন্ধু জনৰ সন্মুখতে যুৱতী গৰাকীক ধৰ্ষণ কৰে। ধৰ্ষণ কৰি যুৱতী গৰাকীৰ মোবাইল কাঢ়ি লৈ যুৱক কেইজন পলাই যায়।

ঘটনাটো ৰীবা জিলাত সংঘটিত হৈছে। ঘটনাৰ পিছতে আৰক্ষীৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

কিন্তু বৰ্তমান লৈকে এজনো ধৰ্ষণকাৰীক ধৰিবলৈ সক্ষম হোৱা নাই।